NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2026 11:36 am

প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান ঘটিছে। গুৱাহাটীৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।

ডিফু লোকসভা সমষ্টিৰ পৰা ৭ বাৰকৈ সাংসদ হৈছিল বীৰেন সিং ইংতিয়ে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাগৰাকীয়ে ১৯৭৭, ১৯৮৪, ২০০৯ আৰু ২০১৪ (দুবাৰ) সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল।

তেওঁ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কৰ্যনিৰ্বাহ কৰিছিল।