NORTHEAST NOW (Assamese)
অসম

অৱনমিত আইন-শৃংখলা পৰিস্থিতি: মহানগৰীৰ নুনমাটিত পুনৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী November 1, 2021 4:44 pm

কি হ’বলৈ ধৰিছে গুৱাহাটী মহানগৰীত ? প্ৰায় প্ৰতিদিনেই যেন সংঘটিত হৈছে একোটাকৈ হত্যাকাণ্ডৰ ঘটনা।

সৌ সিদিনা মহানগৰীৰ খানাপাৰাত জাৱৰ পেলোৱা ঠাইত উদ্ধাৰ হৈছিল মহিলাৰ দুখনকৈ কটা ভৰি।

বশিষ্ঠ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে শুংসূত্ৰ ওলোৱা নাই কোন সেই মহিলা গৰাকী? অথবা কোনে হত্যা কৰিছিল তেওঁক ?

তাৰ পাছতে বেলতলাৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ড, অন্তিমা গুপ্তা আৰু ডিম্পল কুমাৱতৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্যক।
প্ৰশ্ন হৈছে “আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা মহানগৰীত আচলতে হৈছে কি?

আজি পুনৰবাৰ মহানগৰীৰ নুনমাটি অঞ্চলত উদ্ধাৰ হৈছে এটা অচিনাক্ত অৰ্ধ গলিত মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে।

নুনমাটিৰ চূণচালিত ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰৰ মাজত থকা ঘন জংঘলত উদ্ধাৰ হৈছে অৰ্দ্ধগলিত মৃতদেহটো।

জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা লোকে প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰি নুনমাটি আৰক্ষী আৰু নদী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

উদ্ধাৰ হোৱা মৃতদেহটো অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি বহু দিনৰ পৰা মৃতদেহটো পৰি থকা বুলি সন্দেহ ব্যক্ত কৰা হৈছে।

প্ৰায় দৈনিক সংঘটিত এনেবোৰ ঘটনাৰ পৰা নিশ্চয়কৈ স্পষ্ট হৈছে যে হত্যা, হিংসা, অপৰাধ নগৰীলৈ ৰূপান্তৰিত হৈছে মহানগৰ গুৱাহাটী। এই ক্ষেত্ৰত আৰক্ষী-প্ৰশাসন হৈ ৰৈছে কেৱল নীৰৱ দৰ্শক।