NORTHEAST NOW (Assamese)

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm · এন ই নাও নিউজ, গুৱাহাটী

৩ মাহৰ তদন্তৰ অন্তত অৱশেষত তদন্তকাৰী দলে ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। আৰক্ষীয়ে দাবী কৰে যে ২৫০০ পৃষ্ঠাৰ এই অভিযোগনামাত জ্যোতিয়ে পাকিস্তানৰ বাবে চোৰাংচোৱা হিচাপে কাম কৰা বুলি প্ৰমাণ কৰা কেইবাটাও প্ৰমাণৰ ওপৰত আলোকপাত কৰা হৈছে। পাকিস্তান ভ্ৰমণৰ সময়ত জ্যোতিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজ শ্বৰীফক সাক্ষাৎ কৰে।

জ্যোতি মালহোত্ৰা ওৰফে জ্যোতি ৰাণীয়ে ইউটিউবত ‘ট্ৰেভেল উইথ জো নামৰ এটা ট্ৰেভেল ব্লগ আৰম্ভ কৰিছিল। যোৱা মে মাহত হাৰিয়ানা আৰক্ষীয়ে পাক সংযোগৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল জ্যোতিক। তদন্তকাৰীয়ে জনোৱা মতে, জ্যোতি পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়া এহছান-উৰ-ৰহিম ওৰফে ডেনিছৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছিল। সেই তথ্যৰ ভিত্তিত জ্যোতিয়ে কমেও দুবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পাছত ডেনিছক ‘পাৰ্ছনা নন গ্ৰেটা ঘোষণা কৰা হয়। চোৰাংচোৱাগিৰি আৰু সেনাৰ স্পৰ্শকাতৰ তথ্য ফাদিল কৰাৰ অভিযোগত তেওঁক ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হয়।

সেই গোচৰত হিছাৰ আৰক্ষীয়ে জ্যোতিৰ বিৰুদ্ধে ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত উল্লেখ কৰিছে যে অভিযুক্তই দীৰ্ঘদিন ধৰি পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰি আহিছে। ইয়াত ডেনিছৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ কথাও উল্লেখ কৰা হৈছিল। দাবী কৰা হৈছে যে জ্যোতি আই এছ আইৰ এজেণ্ট ছাকিৰ, হাছান আলী, নাছিৰ ধিলোনৰ সৈতেও যোগাযোগ আছিল। যোৱা বছৰৰ ১৭ এপ্ৰিলত জ্যোতি পাকিস্তানলৈ গৈ ১৫ মেত ভাৰতলৈ উভতি আহিছিল।মাত্ৰ ২৫ দিনৰ পিছত ১০ জুনত চীনলৈ গৈছিল আৰু নেপাললৈ যোৱাৰ পূৰ্বে জুলাইলৈকে তাতেই আছিল।

হাৰিয়ানাৰ এজন আৰক্ষী বিষয়াই পূৰ্বে জনাইছিল যে পেহেলগামত সংঘটিত আক্ৰমণৰ পাছত অপাৰেচন সিন্দুৰত চাৰিদিনীয়া সংঘৰ্ষৰ সময়ত ৩৩ বছৰীয়া জ্যোতিয়ে পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়াৰ সৈতে যোগাযোগ কৰিছিল। অৱশ্যে তেওঁ কয় যে জ্যোতি বা সেইসকল বিষয়াৰ হাতত সামৰিক অভিযানৰ কোনো তথ্য নাই।

Related News