NORTHEAST NOW (Assamese)

নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ ৫৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন

February 15, 2022 4:28 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

আজি নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ ৫৫ তম প্ৰতিষ্ঠা দিৱস। বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰ দোতমা উচ্চতৰ মাধ্যমিক খেল পথাৰত উদযাপন এই প্ৰতিষ্ঠা দিৱস।

পুৱা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় বানেস্বৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক কনকেশ্বৰ নাৰ্জাৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰা হয় দিনটোৰ কাৰ্যসূচী।

ছাত্র সন্থাৰ পতাকা উত্তোলন কৰিলে কোকৰাঝাৰ জিলা এবছুৰ সভাপতি কৃপেশ দৈমাৰীয়ে।

১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে জন্ম লাভ কৰিছিল এবছু ছাত্ৰ সংগঠনটোৱে।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ বডোলেণ্ডৰ শান্তিৰ বাবে বগা পাৰ চৰাই উৰুৱাই দিয়াৰ পিছত দোতমা থুলুংগাপুৰীস্থিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনায় এবছুৰ কৰ্মী সকলে।

Related News