NORTHEAST NOW (Assamese)

জন্মস্থান গোলাঘাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

October 15, 2021 10:45 am · মীনাক্ষী ফুকন,গোলাঘাট

১৯৮৫ চনত অসম গণ পৰিষদ দলে জন্ম লাভ কৰিছিল।

সেই উপলক্ষে কালি এই ঐতিহাসিক দিনটো গোলাঘাট জিলাৰ মুখ্য কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসটো পালন কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা অগপৰ অন্যতম নেতা অৰুণ মহন্তই পতাকা উত্তোলন কৰাৰ পিছতেই শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হয়।

ইয়াৰ পিছতেই দলটোৰ লগত জন্মসূত্ৰে জড়িত হৈ থকা জেষ্ঠ বিষয়া ড: নৃপেন বৰুৱাই দলটোৰ জন্ম বৃত্তান্ত দাঙি ধৰাৰ লগতে অসম চুক্তিৰ পিছতেই কেনেকৈ গোলাঘাটৰ ভূমিত দলটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল সেই সম্পৰ্কে স্মৃতি ৰোমন্থন কৰে।

এই বিশেষ দিনটোত সকলো বিষয়-ববীয়া আৰু কৰ্মকৰ্তাই দলটোৰ হৈ অধিক কাম কৰি যোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।
ইয়াৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনযোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে গোলাঘাট জিলা অগপই।

Related News