NORTHEAST NOW (Assamese)
অসম

ভাল খবৰ:আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক November 21, 2021 5:07 pm

আজি টীয়ক সমষ্টিত কেইবাটাও কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

যোৰহাট আৱৰ্ত ভৱনত পুৱা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি টীয়কৰ কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰৰ আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। চৰকাৰৰ নতুন শিক্ষা নীতিৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিবলৈ লৈছে আউনীআটী বিশ্ববিদ্যালয়।

প্ৰাৰম্ভিক কামকাজ চলি আছে আৰু আজি টীয়কৰ কলিয়াপানীস্হিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰাংগণত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হয় ।

উল্লেখযোগ্য যে প্ৰাচীন ভাষা, স্থাপত্য, ভাস্কৰ্য, চিকিৎসা বিদ্যা,বিজ্ঞান, প্ৰযুক্তি, জ্যোতিষ আৰু জ্যোতি বিজ্ঞান, অলংকাৰ শাস্ত্ৰ আদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ ব্যৱস্থা থাকিব এই বিশ্ববিদ্যালয়ত।লগতে আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ কাৰ্যালয় সত্ৰনগৰী মাজুলীত হ’ব আৰু উপাচাৰ্য , পঞ্জীয়কৰ কাৰ্যালয় সমন্বিতে বিভিন্ন বিভাগৰ শ্ৰেণীকক্ষ, আলোচনা কক্ষ, পুথিভঁৰাল আদি স্থাপন কৰা হ’ব টীয়কৰ কলীয়াপানীস্থিত শাখা সত্ৰত।

সেয়ে এই বৃত্তিমূলক শিক্ষাৰ যোগেদি অনাগত দিনত সমগ্ৰ ৰাজ্যখনতে শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সুচনা হ’ব বুলি মন্তব্য কৰাৰ লগতে ৰাজ্য চৰকাৰে পাঁচ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিছে ।

ইপিনে ঐতিহাসিক লাচিত বৰফুকন মৈডামত উপস্থিত হৈ বীৰজনাৰ মৈডাম তথা প্ৰতিমূৰ্তিত সেৱা জনোৱাৰ লগতে মৈডাম প্ৰাংগণ উন্নয়নৰ বাবে এক কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।