NORTHEAST NOW (Assamese)
অসম

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা January 28, 2021 11:48 am
Sualkusi

অতি শীঘ্ৰেই শুৱালকুছিৰ প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম শুভাৰম্ভ কৰা হ’ব।

বস্ত্ৰনগৰী শুৱালকুছিত অহা ১০ দিনৰ ভিতৰতে স্থাপন কৰা হ’ব প্ৰস্তাৱিত শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা। এই কথা জানিবলৈ দিয়ে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে।

উল্লেখ্য যে শুৱালকুছিৰ ১০০ বিঘা ভূমি সামৰি স্থাপন হ’ব প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয়।

শুৱালকুছি মুগা গোপাচাৰৰ ১০০ বিঘা ভূমি অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰাৰ বাবে অৱন্টন দিয়া হৈছে।

বৃহস্পতিবাৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে জিলা প্ৰশাসনৰ এটা দলে পৰিদৰ্শন কৰে প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন লবলগীয়া স্থান।

আশা কৰা হৈছে শুৱালকুছিত স্থাপন হ’বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনে অসমৰ অভিযান্ত্ৰিক শিক্ষাক আৰু এখোজ আগুৱাই নিব।