NORTHEAST NOW (Assamese)

আলোৱাৰ গণধৰ্ষণৰ ৪ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড : ভিডিঅ’ ভাইৰেল কৰাসকলক পাঁচ বছৰৰ কাৰাবাস

October 6, 2020 5:10 pm · এন ই নাও নিউজ
Updated: October 6, 2020 5:15 pm

উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণে গোটেই দেশ কঁপাই থকাৰ সময়তে ৰাজস্থানৰ আলোৱাৰ এক গণধৰ্ষণৰ ৪ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে বিশেষ আদালতে।

ইয়াৰ লগতে উক্ত গণধৰ্ষণকাণ্ডৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল কৰাৰ অপৰাধত কেবাজনকো পাঁচ বছৰৰ কাৰাদণ্ড বিহিছে বিশেষ আদালতে।

উল্লেখ্য যে ৰাজস্থানৰ আলোৱাৰত যোৱা বছৰৰ ২৬ এপ্ৰিলত সংঘটিত হৈছিল এই গণধৰ্ষণৰ কাণ্ডটো।

স্থানীয় সূত্ৰৰ মতে ২০১৯ চনৰ ২৬ এপ্ৰিলত ৰাজস্থানৰ আলোৱাৰৰ থানাগাজি অঞ্চলৰ এগৰাকী ২২ বছৰীয়া দলিত যুৱতীক স্বামীৰ সন্মুখতে নাবালকসহ পাঁচজন যুৱকে ধৰ্ষণ কৰিছিল।

ইফালে বহু কেইজন লোকে এই পাশৱিক কাণ্ডটোৰ ভিডিঅ’ ৰেকৰ্ডিং চ’ছিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে নিৰ্যাতিতা যুৱতী গৰাকীৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল।

যুৱতী গৰাকীয়ে দাবী কৰা ১০ হাজাৰ টকা দিবলৈ অস্বীকাৰ কৰাৰ পিছতে উক্ত ভিচিঅ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল কৰি দিয়া হৈছিল।

ইফালে গণধৰ্ষণৰ নিৰ্যাতিতাই স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

চ’ছিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বিৰোধীয়ে বিষয়টোকলৈ সৰৱ হোৱাৰ পিছতহে আৰক্ষীয়ে এই সমগ্ৰ কাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছিল।

ইয়াৰ পিছত ২ মে’ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছিল আৰু ১৮ মে’ত আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল।

তদন্তকালীন সময়ছোৱাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত ৰাজস্থান চৰকাৰে দুগৰাকীকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিছিল।

আৰক্ষীৰ সূত্ৰৰ খবৰৰ মতে, মূল অভিযুক্ত ছোটে লাল(২২), হংসৰাজ গুজ্জৰ(২০). অশোক কুমাৰ গুজ্জৰ(২০) আৰু ইন্দ্ৰজিৎ সিং গুজ্জৰ(২২) বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪১, ১৪৯, ৩২৩, ৩২৭ আৰু ৩৭৬ডি-সহ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

মংলবাৰে বিশেষ আদালতে মূল অভিযুক্তসকলক দোষী সাৱস্ত্য কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে ভিডিঅ’ ভাইৰেল কৰাসকলক পাঁচ বছৰৰ কাৰাদণ্ড বিহিছে।

Related News