NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী অতিৰিক্ত ন্যায়াধীশক নিযুক্তি

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও July 30, 2025 1:08 pm

গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুনকৈ নিযুক্তি দিয়া হৈছে চাৰিজনকৈ অতিৰিক্ত ন্যায়াধীশ।

অধিবক্তা অঞ্জুমণি কলিতা আৰু ৰাজেশ মজুমদাৰৰ সৈতে ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত।

ইতিমধ্যে আটাইকেইজনে শপত গ্ৰহণ কৰিছে।

এই চাৰিজন অতিৰিক্ত ন্যায়াধীশক দুবছৰৰ বাবে নিযুক্তি দিয়া হৈছে। মঙলবাৰে আইন আৰু ন্যায় মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে তেওঁলোকৰ নিযুক্তিৰ বিষয়ে অৱগত কৰিছে।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মঙলবাৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ জৰিয়তে নিযুক্তিৰ কথা ঘোষণা কৰিছে।