NORTHEAST NOW (Assamese)
Popular Stories

বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ৮৩ টকা – ১ জুনৰ পৰা প্ৰযোজ্য হ’ব নতুন মূল্য

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 1, 2023 12:32 pm

ইণ্ডিয়ান অইলে নিজৰ ৱেবছাইটযোগে ঘোষণা কৰিছে যে দেশত হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত ৮৩ টকাকৈ মূল্য হ্ৰাস কৰিছে অইল কোম্পানীটোৱে। ১ জুনৰ পৰা প্ৰযোজ্য হ’ব এই নতুন মূল্য। 

এইদৰে ৮৩ টকা মূল্য হ্ৰাস কৰাৰ ফলত ১৯ কেজিৰ প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা মূল্য দিল্লীত ১৭৭৩ টকাত বিক্ৰী হ’ব। উল্লেখ্য যে মূল্য হ্ৰাস হোৱাৰ আগলৈকে এই চিলিণ্ডাৰৰ খুচুৰা মূল্য আছিল ১৮৫৬.৫০ টকা। 

একেদৰে ১ জুনৰ পৰা কলকাতাত ১৯৬০.৫০ টকাৰ বিপৰীতে ১৮৭৫.৫০ টকা, মুম্বাইত ১৮০৮.৫০ টকাৰ বিপৰীতে ১৭২৫ টকা, আৰু চেন্নাইত ২০২১.৫০ টকাৰ বিপৰীতে ১৯৩৭ টকাত এই বাণিজ্যিক চিলিণ্ডাৰ বিক্ৰী কৰা হ’ব।

লগতে পঢ়কঃ চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

উল্লেখ্য যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালেও এতিয়ালৈকে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ঘৰুৱা এল পি জিৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে ১ মাৰ্চত সলনি হৈছিল। ১ মাৰ্চত প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰত ৫০ টকাকৈ মূল্য বৃদ্ধি কৰা হৈছিল।

একেদৰে একেৰাহে ১৪ মাহৰ ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্যৰো কোনো পৰিৱৰ্তন হোৱা নাই। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৬.৭২ টকা আৰু ডিজেলৰ দাম ৮৯.৬২ টকা।

এতিয়া প্ৰশ্ন হয়, কভিড আৰু ৰুছ ইউক্ৰেইনৰ যুদ্ধৰ গইনা লৈ বৃদ্ধি কৰা চিলিণ্ডাৰ, পেট্ৰল-ডিজেলৰ দাম কেতিয়াকৈ হ্ৰাস কৰা হ’ব?

লগতে পঢ়কঃ মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় আইন মতে অপৰাধ নহয় : কৰ্ণাটক উচ্চ ন্যায়ালয়