মহানগৰীত চাঞ্চল্যকৰ ঘটনা: নিশা ৰাজপথত জ্বলি উঠিল ৪ খনকৈ বাহন
যোৱা নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ আদাবাৰীৰ ৰাজপথত হঠাতে জ্বলি উঠিল ৪ খনকৈ বাহন।
এই অস্বাভাৱিক অগ্নিকাণ্ডত ২ খন চিটিবাছ সম্পূৰ্ণ ভস্মীভূত হোৱা পৰিলক্ষিত হৈছে।
চিটিবাছ কেইখন জ্বলাৰ সঠিক কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ৰখাই থোৱা অৱস্থাতে চিটিবাছ কেইখনত জুইৰ সূত্ৰপাত ঘটে। প্ৰথমতে দুখন চিটিবাছত জুই লগাৰ পিছত এই জুই কাষৰ আন দুখন বাছলৈও বিয়পি পৰে।
স্থানীয় ৰাইজে এই আকস্মিক অগ্নিকাণ্ডৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমোৱাবলৈ সক্ষম হৈ যদিও তেতিয়ালৈকে দুখন চিটিবাছ সম্পূৰ্ণৰূপে জুইত জাহ যায়।
স্থানীয় ৰাইজৰ তৎপৰতাত অৱশ্যে এই জুই কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ বিয়পি পৰাৰ পৰা ৰক্ষা পৰে।