NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন বিশ্বনাথৰ ৪গৰাকী চিকিৎসক আৰু ৩গৰাকী চিকিৎসাকৰ্মী

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ January 18, 2022 12:18 pm
Covid of doctors

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা। সেইদৰে পজিটিভিটিৰ হাৰো প্ৰতিদিনে বৃদ্ধি পাইছে।

সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে সৰ্বসাধাৰণ ৰাইজৰ লগতে চিকিৎসা সেৱাৰ লগত জড়িত চিকিৎসকসকলৰ মাজতো কোভিড-১৯ ভাইৰাছৰ উপস্থিতিৰ ঘটনা বৃদ্ধি পাইছে।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ৰ ৪ গৰাকীকৈ চিকিৎসক আৰু ৩ গৰাকীকৈ চিকিৎসাকৰ্মী কোভিড-১৯ত আক্ৰান্ত হৈছে।  

লগতে পঢ়ক: Covid Update: অসমতো কৰ’নাৰ ৰঙা চকু! ২৪ ঘন্টাতে আক্ৰান্ত প্ৰায় ৭হাজাৰ; ১১গৰাকীৰ মৃত্যু

চিকিৎসক আৰু চিকিৎসাকৰ্মী কেইগৰাকী আক্ৰান্ত হোৱাৰ পিছত বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

স্বাভাৱিকতে চিকিৎসক তথা চিকিৎসাকৰ্মীসকলৰ আক্ৰান্তৰ হাৰ বৃদ্ধি পালে স্বাস্থ্যসেৱা বিঘ্নিত হোৱাৰ আশংকাও বৃদ্ধি পায়।