NORTHEAST NOW (Assamese)

কাজিৰঙাৰ এনিমেল কৰিডৰত পহুৰ মাংসসহ চাৰিজনক আটক

July 16, 2019 7:22 am · উত্তম শইকীয়া 
Updated: July 16, 2019 12:30 pm

কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰত যোৱা সোমবাৰে বন বিভাগে পহু মাংসৰ সৈতে চাৰিজন  ব্যক্তিক আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কালি এনিমেল কৰিডৰত তালাচীৰ সময়ত এ এছ ০৫ – কে ৮৩৭২ নম্বৰৰ স্কুটিৰে আহি থকা অৰুপ ৰৌতিয়া আৰু লোহিত বৰাক বন কৰ্মীয়ে ৰ’বলৈ কোৱাত দুয়ো স্কুটিৰ সৈতে তাৰ পৰা পলায়ন কৰিছিল।

পিছত বন কৰ্মীয়ে খেদি খেদি দুয়োকে কৰায়ত্ব কৰাৰ লগতে স্কুটিখনৰ ডিকিৰ পৰা পহুৰ কটা মাংস উদ্ধাৰ কৰে। ইয়াৰ পিছতে দুয়োজনৰ স্বীকাৰোক্তিৰ আধাৰত কাজিৰঙাৰ গেলেকীৰ পৰা হৰি সিং ৰাজপুত আৰু নিৰ্মল ৰাজপুত নামৰ দুই পিতা পুত্ৰক আৰক্ষীয়ে আটক কৰে।

লোক দুজনৰ পৰা আৰক্ষীয়্ এচৰিয়া পহুৰ কটা মঙহ আৰু এখন দা উদ্ধাৰ কৰে। ধৃত অৰূপ ৰৌতিয়াৰ ঘৰ বোকাখাতৰ গড়মুৰ আৰু লোহিত বৰাৰ ঘৰ বোকাখাতত বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে।

Related News