NORTHEAST NOW (Assamese)

গুৱাহাটীৰ বৰাগাঁৱত ভয়াৱহ ভূমিস্খলনে প্ৰাণ ল’লে চাৰি শ্ৰমিকৰ

June 14, 2022 9:51 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: June 14, 2022 10:48 am

মহানগৰীত কৃত্ৰিম বানপানীৰ মাজতে এইবাৰ ভূমিস্খলনৰ আতংক। গুৱাহাটীৰ বৰাগাঁৱত যোৱা নিশা সৃষ্টি হয় ভয়াৱহ ভূমিস্খলন।

এই ভয়াৱহ ভূমিস্খলনৰ ফলত অসংগঠিত খণ্ডৰ চাৰিজন শ্ৰমিকৰ মৃত্যু হয়।

নিহত শ্ৰমিক কেইজন কোনো ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

আটাইকেইজন লোক বৰাগাঁৱৰ নিজৰাপাৰৰ নয়ন ৰাজবংশীৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল।

নিশা প্ৰায় ১:৩০ বজাত হৈছিল এই ভূমিস্খলন। সেই সময়ত শুই আছিল নিহত আটাইকেইজন শ্ৰমিক।

বৰ্তমানলৈকে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে সন্ধানহীন হৈ থকা আন এজনক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে SDRF-এ।

মৃত চাৰিজন লোককেইজনক ক্ৰমে কোকৰাঝাৰৰ মতিউৰ হক আৰু হাছানুৰ আলী, ধুৱুৰীৰ মানোৱাৰ হুছেইন আৰু আমৰুল হক বুলি চিনাক্ত কৰা হৈছে।

Related News