NORTHEAST NOW (Assamese)

চাৰিমাহৰ ল’কডাউনৰ বাবে দেশত ৩৭-৭৮ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছিল; সংসদত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য

September 14, 2020 7:35 pm · এন ই নাও নিউজ

ক’ৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা চাৰি মাহৰ ল’কডাউনৰ ফলত প্ৰায় ১৪-২৯ লাখ সংক্ৰমণ কমকৈ হৈছে আৰু ৩৭-৭৮ হাজাৰ লোকৰ মৃত্যু কমকৈ হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষবৰ্দ্ধনে আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত সদনত এই কথা প্ৰকাশ কৰে।

”ল’কডাউনৰ চাৰিমাহ সময় অতিৰিক্ত স্বাস্থ্য সুবিধা গঢ়া, মানৱ সম্পদ সাজু কৰাকে ধৰি পি পি ই কিট, এন-৯৫ মাস্ক আৰু ভেণ্টিলেটৰ ব্যৱস্থা কৰাত ব্যয় কৰা হৈছে,” স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে সংসদৰ মজিয়াত এইদৰে কয়।

উল্লেখযোগ্য যে, দেওবাৰে ভাৰতত কেতিয়ালৈ ক’ৰ’না ভেকচিন উপলব্ধ হ’ব সেই সম্বন্ধেও মত প্ৰকাশ কৰিছিল হৰ্ষবৰ্দ্ধনে।

হৰ্ষবৰ্দ্ধনে ২০২১ চনৰ এপ্ৰিল মাহৰ পূৰ্বে ভাৰতত ক’ৰ’নাৰ ভেকচিন উপলবদ্ধ হ’ব বুলি উল্লেখ কৰি যদিহে জনসাধাৰণৰ এই ভেকচিনক লৈ বিশ্বাসৰ অভাৱ হয় তেন্তে তেওঁ নিজে প্ৰথমে এই ভেকচিন গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছিল।

Related News