NORTHEAST NOW (Assamese)
অসম

উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2025 4:24 pm

 অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত মধুপুৰৰ অসম বন বিভাগৰ অস্থায়ী শিবিৰত বৃহস্পতিবাৰে নিশা চাৰিজন নগা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

মধুপুৰৰ সমীপত অসামৰিক সাজ-পোছাক পৰিধান কৰি হাতত চিকাৰৰ অস্ত্ৰ ৪ জন যুৱকক প্ৰথম অৱস্থাত এন এছ চি এনৰ কেডাৰ বুলি সন্দেহ কৰা হৈছিল।

পিছত জানিব পৰা যায় যে আটক কৰাসকলৰ তিনিজন নগা আৰক্ষী জোৱান আৰু এজন অসামৰিক নগা ব্যক্তি।

পৰৱৰ্তী সময়ত অসম আৰক্ষী, চি আৰ পি এফ, নগা আৰক্ষী বিষয়াৰ উপস্থিতিত, আৰু চি খণ্ডৰ ডি এ বিৰ কামাণ্ডাৰৰ সহায়ত পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বিষয়টো সমাধান কৰা হয়। পিছত ধৃত ব্যক্তিকেইজনক অধিক ব্যৱস্থা গ্ৰহণৰ বাবে আই আৰ বি এনক গতাই দিয়া হয়।