NORTHEAST NOW (Assamese)

পুনৰ ৪জনৰ দেহত ওলাল কোভিড-১৯পজিটিভ; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৩৫০জনলৈ বৃদ্ধি

May 24, 2020 9:53 am · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যত ৩৫০ লৈ বৃদ্ধি পালে কোভিড-১৯পজিটিভ ৰোগীৰ সংখ্যা।

এইবাৰ ৪ গৰাকীৰ দেহত ধৰা পৰিছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ২ গৰাকী তেজপুৰ কোৱাৰেন্টাইন চেণ্টাৰত থকা চিৰাং জিলাৰ। অন্য দুগৰাকী যোৰহাটৰ যাৰ চেন্নাইৰ পৰা অহা ট্ৰেভেল হিষ্টৰী আছে।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত দিনটোত ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

বৰ্তমান ২৮৬ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

পৰহিৰ দিনটোত ৰাজ্যত একেলগে সৰ্বাধিক ৪৯ গৰাকী লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ।

২২ মে” ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত দুই শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২৮৯ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News