NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ৪ গৰাকী ৰোগীৰ মৃত্যু

April 28, 2021 11:09 am · এন ই নাও নিউজ

দেশত কোভিডে মহা সংহাৰৰ সৃষ্টি কৰাৰ সময়তে দেশৰ বহু অঞ্চলৰ  হাস্পতালত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই বহু ৰোগীৰ প্ৰাণ কাঢ়ি নিছে।

আজি নিচেই পুৱাতে মহাৰাষ্ট্ৰৰ থানেৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

এই ঘটনাত চাৰিগৰাকী ৰোগীৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

জানিব পৰা মতে আজি পুৱা ৩.৪০ বজাত থানেৰ মুম্ব্ৰা অঞ্চলত অৱস্থিত প্ৰাইম ক্ৰিটিকেয়াৰ হাস্পতালতঅগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও ইতিমধ্যে চাৰি গৰাকী ৰোগীৰ মৃত্যু ঘটে।চিকিৎসালয় খনত কিদৰে জুই লাগিবলৈ পালে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে চিকিৎসালয় খনৰ পৰা ২০ গৰাকী ৰোগীক উদ্ধাৰ কৰা হয়।উল্লেখ্য উক্ত চিকিৎসালয় খনত কোনো কোভিড ৰোগী চিকিৎসাধীন হৈ নাছিল।

মহাৰাষ্ট্ৰৰ চৰকাৰে এই ঘটনাত প্ৰাণ হেৰুওৱা ৰোগীসকলৰ প্ৰিয়ালক ৫ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

অগ্নিকাণ্ডত আহত ৰোগীসকলক প্ৰত্যেককে ১ লাখ টকাৰ সাহায্য দিয়া হ’ব।মহাৰাষ্ট্ৰৰ চৰকাৰে এই সমগ্ৰ ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়ত অক্সিজেন ছিলিণ্ডাৰ লিক হৈ ২২ গৰাকী ৰোগীৰ মৃত্যু ঘটিছিল।

Related News