NORTHEAST NOW (Assamese)
অসম

নতুন কোভিড প্ৰ’টোকল: ভেকচিন লোৱাসকলে ৰাজহুৱা স্থানত নিপিন্ধিলেও হ’ব মাস্ক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2021 11:46 am
maskless-out

কোভিডৰ দ্বিতীয়টো ঢৌৱে এতিয়া ভাৰতবৰ্ষকে ধৰি ইয়াৰ কাষৰীয়া কেইবাখনো দেশত সংহাৰৰ সৃষ্টি কৰিছে।

কোভিড সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৌসিদিনালৈ প্ৰথম স্থানত থকা আমেৰিকাত এতিয়া কোভিড একপ্ৰকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন।

এনে পৰিস্থিতিত আমেৰিকাৰ চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে কেতবোৰ নতুন কোভিড প্ৰ’টোকল।

সেইমৰ্মে আমেৰিকাত যিসকল লোকে সম্পূৰ্ণকৈ কোভিডৰ ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলেও হ’ব।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনছনে শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি ভেকচিন গ্ৰহণ কৰা সকল কোভিডত পুনৰ আক্ৰান্ত হোৱাৰ আশংকা তেনেই কম।

তদুপৰি তেওঁলোকৰ পৰা কোভিড আনৰ দেহলৈ যোৱাৰো কোনো আশংকা নাথাকে।

সেয়ে সম্পূৰ্ণকৈ কোভিডৰ ভেকচিন গ্ৰহণ  কৰা সকলে কম জন সমাগম হোৱা স্থানত মাস্ক নিপিন্ধিলেও কোনো কথা নাই।

উল্লেখ্য আমেৰিকাত এতিয়ালৈকে ৯৫ নিযুত লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে ভেকচিন গ্ৰহণ নকৰাসকলকো শীঘ্ৰে ভেকচিন গ্ৰহণৰ আহ্বান জনাইছে।

আমেৰিকাৰ ৪২ শতাংশ লোকে এতিয়ালৈকে কোভিডৰ ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে।