NORTHEAST NOW (Assamese)
অসম

কেৰালাৰ ভাৰতীয় বায়ু সেনা বাহিনীৰ জোৱানৰ গুলীয়াই আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2020 7:23 pm

আজি উত্তৰ প্ৰদেশত ভাৰতীয় বায়ু সেনা বাহিনীৰ এগৰাকী জোৱানে আত্মহত্যা কৰে।

উত্তৰ প্ৰদেশৰ চাকেৰী অঞ্চলত ভাৰতীয় বায়ু সেনা বাহিনীৰ ২৯ বছৰীয়া জোৱান গৰাকীয়ে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে বুলি আৰক্ষীয়ে সদৰী কৰে।

গুলীৰ শব্দ শুনা মাত্ৰকে জোৱান গৰাকীৰ সতীৰ্থ সকলে ঘটনাস্থলীলৈ দৌৰী যায় আৰু ঘটনাস্থলীত জোৱান গৰাকীৰ তেজেৰে লুতুৰী-পুতুৰী মৃতদেহ পৰি থকা দেখা পায়।

মৃত্যু হোৱা জোৱান গৰাকীৰ ঘৰ কেৰালাত।

কি কাৰণে বায়ু সেনা বাহিনীৰ জোৱান গৰাকীয়ে আত্মহত্যাৰ দৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হ’ল সেয়া বৰ্তমান সময়তো ৰহস্যৰ আৱৰ্তত আছে।

আৰক্ষীয়ে জোৱান গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

ব্যক্তিগত কাৰণতে জোৱান গৰাকীয়ে আত্মহত্যাৰ দৰে কঠিন সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি সন্দেহ কৰা হৈছে।