NORTHEAST NOW (Assamese)
অসম

পুনৰ ৪গৰাকী কোভিড-১৯পজিটিভ চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২০৩জনলৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 21, 2020 8:20 pm
পুনৰ ৪গৰাকী কোভিড-১৯পজিটিভ চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২০৩জনলৈ বৃদ্ধি

আজিৰ দিনটোতে ১৫ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

নতুনকৈ আক্ৰান্ত সকল বহিঃ ৰাজ্যৰ পৰা আহি সৰুসজাই ষ্টেডিয়ামত কুৱাৰেন্টাইন হৈ আছিল।

আক্ৰান্ত সকলৰ দুগৰাকী পশ্চিম কাৰ্বিআংলঙৰ, ১ গৰাকী দৰং আৰু ১ গৰাকী ওদালগুৰি জিলাৰ।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে তেওঁলোকৰ সম্পূৰ্ণ পৰিচয় প্ৰদান কৰা নাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

বৰ্তমান ১৪২ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৪ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

কিছুসময় পূৰ্বে  আক্ৰান্ত হোৱা সকলৰ ৮ গৰাকীৰ ৩ গৰাকী কোকৰাঝাৰ, ২ গৰাকী শিৱসাগৰ, ২ গৰাকী ধুবুৰী আৰু এগৰাকী ডিব্ৰুগড়ৰ।

ইয়াৰ পূৰ্বে দিনৰ ভাগত কোকৰাঝাৰত দুগৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

পুৱাৰ ভাগতো কোকৰাঝাৰ কুৱাৰেন্টাইন চেণ্টাৰত এগৰাকী লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

কালিৰ দিনটোত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

পৰহি দিনা ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।