NORTHEAST NOW (Assamese)

পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন চাৰিজনকৈ স্কুলীয়া ছাত্ৰ

September 26, 2021 3:46 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: September 26, 2021 4:59 pm

পাণ্ডুঘাটত ব্হ্মৰপুত্ৰৰ বুকুত সন্ধানহীন হৈ আছে চাৰিজনকৈ স্কুলীয়া ছাত্ৰ ৷

বিয়লি প্ৰায় ২ বজাত নদীৰ পাৰত ছাত্ৰকেইজনৰ বেগকেইটা দেখা পায় স্থানীয় লোকে।

জানিব পৰা মতে টিউচনৰ পৰা আহি নদীত সাঁতুৰিবৰ বাবে গৈছিল ছাত্ৰ কেইজন।

বৰ্তমানলৈকে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ছাত্ৰ কেইজনৰ।

সন্ধানহীন আটাইকেইজন ছাত্ৰৰ বয়স ১৪ৰ পৰা ১৫ বছৰৰ ভিতৰত।

বৰ্তমানো SDRF আৰু NDRF দলে অভিযান চলাই আছে ৷

আৰক্ষীয়ে জনোৱা মতে সন্ধানহীন হৈ লৰা কেইজন দয়াল শেখ, অবিনাশ দাস, জিৎ দাস আৰু দীপ সৰকাৰ।
ছাত্ৰ কেইজন দশম শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে ৷

নদীৰ পাৰত ছাত্ৰ কেইজনৰ স্কুলৰ বেগ উদ্ধাৰ আৰু চেণ্ডেল উদ্ধাৰ হৈছে৷

Related News