NORTHEAST NOW (Assamese)

বহিৰ্ৰাজ্যৰ পৰা বৰপেটালৈ আহিল ৪৯ জন: সৰভোগ,পাঠশালাত কৰা হ’ল কোৱাৰেন্টাইন

May 16, 2020 6:46 am · শশাংক তালুকদাৰ
ফটো: নৰ্থইষ্ট নাও

বহিৰ্ৰাজ্যৰ পৰা আহি শুকুৰবাৰে আবেলিলৈ বৰপেটা জিলাত ৪৯ জন লোকে প্ৰবেশ কৰিছে।

পুৱতি নিশাতে পাটাছাৰকুছিৰে জিলাখনত প্ৰৱেশ কৰা ৯ জন লোকক পাটাছাৰকুছি পৰিদৰ্শন বাংলাত স্বাস্থ্য পৰীক্ষাৰ পিছত পাঠশালাৰ হোটেল অভিনন্দত কোৱাৰেন্টাইন কৰা হৈছে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে, তেওঁলোকৰ মাজৰ দুজন দিল্লীৰ, ৫ জন তামিলনাডুৰ আৰু ২ জন পশ্চিম বংগৰ পৰা ৰে’লেৰে আহি গুৱাহাটীত নামিছিল।

ইপিনে ৰে’লেৰে কাহিলীপুৱাতে কোকৰাঝাৰ ষ্টেচনত নমা বৰপেটা জিলাৰ আন ৪০ জন যাত্ৰীক গাড়ীৰে আনি সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে।

তেওঁলোক ঝাৰখণ্ড,বিহাৰ,পশ্চিম বংগ আৰু হাৰিয়ানাৰ পৰা আহিছিল।

কোভিড- ১৯ পৰীক্ষাৰ বাবে সকলোৰে খেকাৰৰ নমুনা স্বাস্থ্য বিভাগৰ দলে ইতিমধ্যে সংগ্ৰহ কৰিছে।

আনহাতে, নিশাৰ ভাগত কোকৰাঝাৰ হৈ আন এটি দল বৰপেটা জিলালৈ আহি থকা বুলি জানিব পৰা গৈছে।

ইয়াৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সকল লোকক ৰখাৰ বাবে সৰভোগৰ বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়খনকো সাজু কৰি ৰখা হৈছে।

Related News