NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতক সমৰ্থন কৰি যাব ফ্ৰান্সে, ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘোষণা

September 10, 2020 5:12 pm · এন ই নাও নিউজ

”ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ফ্ৰান্সে ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন জনায় যাব,” এইদৰে মন্তব্য কৰে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেঞ্চ পাৰ্লিয়ে।

ভাৰতীয় বায়ু সেনা বাহিনীত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধ বিমানক অন্তৰ্ভূক্তকৰণ অনুষ্ঠানত অংশ লোৱাৰ বাবে ভাৰতত উপস্থিত হোৱা ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি এইদৰে কয়।

উল্লেখযোগ্য যে, জুনত ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

আজি ভাৰতীয় বায়ু সেনা বাহিনীৰ আম্বালাস্থিত ঘাটিত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধ বিমানক ভাৰতীয় বায়ু সেনা বাহিনীৰ অন্তৰ্ভূক্ত কৰা হয়।

এই অনুষ্ঠানত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, চীফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, বায়ু সেনা প্ৰধান আৰ কে এছ ভাদুৰিয়াৰ লগতে বিভিন্ন গৰাকী সমল ব্যক্তি উপস্থিত থাকে।

ভাৰতে ফ্ৰান্সৰ পৰা মুঠ ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিব ইয়াৰে প্ৰথম পাঁচখন যুদ্ধ বিমানক আজি আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছে।

Related News