NORTHEAST NOW (Assamese)

ভাইৰাছৰ প্ৰাদুৰ্ভাৱ! ফাইনেলৰ পূৰ্বে সংকটত ফ্ৰান্স শিবিৰ

December 17, 2022 10:17 pm · এন ই নাও নিউজ, গুৱাহাটী

কাইলৈ অনুষ্ঠিত হ’ব ফিফাৰ কাটাৰ বিশ্বকাপৰ ফাইনেল। খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে কাইলৈ আৰ্জেণ্টিনাৰ বিপক্ষে অৱতীৰ্ণ হ’ব ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স। পিছে ফাইনেলত নমাৰ পূৰ্বে ফ্ৰান্সৰ শিবিৰত আহি পৰিছে এক অনাকাংক্ষিত সংকট।

প্ৰকাশিত খবৰ অনুসৰি দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ লগত জড়িত ফ্লুৰ দৰে লক্ষণে ফ্ৰান্স ফুটবল দলৰ সদস্যসকলক আঘাত হানিছে।

এনে লক্ষণে দেখা দিয়াৰ ফলত কিংছলি ক’মান, ইব্ৰাহীমা ক’নাটে আৰু ৰাফেল ভাৰানেৰ দৰে তাৰকা খেলুৱৈয়ে দলীয় সতীৰ্থৰ পৰা দূৰত্ব বজাই ৰাখিছে বুলি জানিব পৰা গৈছে।

যদিহে ক’নাটে আৰু ভাৰানে সময়ত সুস্থ হ’ব নোৱাৰে তেন্তে ফ্ৰান্সে দলৰ তিনিগৰাকী মূল চেণ্টাৰ বেকৰ ভিতৰত অন্যতম দুগৰাকীক হেৰুৱাব। ইয়াৰ ফলত ফ্ৰান্সৰ বাবে ফাইনেলত মেছি নেতৃত্বাধীন আৰ্জেণ্টিনাৰ আক্ৰমণৰ পৰা ৰক্ষা পৰা অত্যন্ত কঠিন হৈ পৰিব পাৰে।

উল্লেখ্য যে, যোৱা ৩ ডিচেম্বৰত আমেৰিকাৰ বিৰুদ্ধে ৰাউণ্ড- ১৬ ৰ জয়ৰ পূৰ্বে নেদাৰলেণ্ড দলতো ফ্লুৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। এতিয়া অৱশ্যে ফৰাচী শিবিৰত কি ভাইৰাছে প্ৰভাৱিত কৰিছে সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই।

Related News