NORTHEAST NOW (Assamese)
অসম

টীয়কৰ জাঁজীমুখত বিজেপিৰ উদ্যোগত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 13, 2020 2:45 pm

আজি যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ বান বিধস্ত অঞ্চল জাঁজীমুখৰ প্লেটফৰ্ম, জপং গাঁও, বেজৰচিগা, ভকত গাঁও, কুমাৰ গাঁও অঞ্চলত ভাৰতীয় জনতা পাৰ্টি কলিয়াপানী মণ্ডলৰ উদ্যোগত আৰু কাকজান ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত এক বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

জাঁজীমুখ প্লেটফৰ্মত অনুষ্ঠিত হোৱা বান বিধস্ত অঞ্চল সমূহৰ প্ৰায় এক হাজাৰ পশু ধনৰ টীকাকৰণকে ধৰি বিভিন্ন ঔষধ পাতি প্ৰদান কৰা হয়।

কলিয়াপানী মণ্ডলৰ উপসভাপতি অভিজিত বৰুৱাই উদ্দেশ্য বাখ্যা কৰা চিকিৎসা শিবিৰটো আনুস্থানিকভাৱে উদ্বোধন কৰে ৰাষ্ট্ৰীয় কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই।

চিকিৎসা শিবিৰত বিজেপিৰ জিলা সভাপতি কামাখ্যা মোহন দাস, সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰা, পশু চিকিৎসক ডাঃ প্ৰবীণ কুমাৰ নেওঁগ, কলিয়াপানী ব্লক সভাপতি দীপক শইকীয়া প্ৰমুখ্যে দলীয় কৰ্মকর্তা সকল উপস্থিত থাকে।