NORTHEAST NOW (Assamese)
অসম

প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাৰ উদ্দেশ্যে বোকাখাতত বিনামূলীয়া প্ৰশিক্ষণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 5, 2019 8:28 pm
IMG_20190505_120519

প্ৰতিযোগিতামূলক পৰীক্ষাত যোগদান কৰিবলৈ ইচ্ছা প্রকাশ কৰা ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাৰ প্রস্তুতি সম্পর্কে বিনামূলীয়া প্রশিক্ষণ প্রদান কৰাৰ ব্যৱস্থা হাতত লৈছে বোকাখাত মহকুমা প্রশাসনে।

এই উদ্দেশ্য আগত ৰাখিয়েই বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত আজিৰ পৰা বোকাখাতত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্রশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ হৈছে।

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰি ভাৰতীয় প্ৰশাসনিক বিষয়া বীৰেন্দ্র মিট্টালে প্রশাসনিক সেৱাৰ বিষয়া হ’বলৈ কিদৰে প্রস্তুতি চলাব লাগিব সেই বিষয়ে পৰামৰ্শ আগবঢ়োৱাৰ লগতে ছাত্র-ছাত্রী সকলক সময়ৰ সদ ব্যৱহাৰ কৰিবলৈও উপদেশ দিয়ে।

অনুষ্ঠানত বোকাখাতৰ মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে মহকুমা প্ৰশাসনৰ এই পদক্ষেপক সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনায়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ এই বিনামূলীয়া প্রশিক্ষণ অহা ১১ মে’ৰ পৰা প্রতি শনিবাৰ আৰু দেওবাৰে পুৱা ১০.০০ বজাৰপৰা ১২.০০ বজালৈকে আৰু দিনৰ ১,০০ বজাৰপৰা বিয়লিৰ ৩.০০ বজাৰলৈকে প্ৰদান কৰা হ’ব।

বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া খনীন্দ্র দাসে আঁত ধৰা আজিৰ অনুষ্ঠানত নির্বাচনী বিষয়া নীতিশা বৰা, সহকাৰী আয়ুক্ত শান্তুনু গগৈ আৰু ৰননময় ভৰদ্বাজ, মহকুমা আৰক্ষী বিষয়া কল্যাণ কুমাৰ দাস, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, বোকাখাত জে.ডি.এছ.জি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বাবুলাল মাৰেৰ লগতে বহুতো ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে এই প্ৰশিক্ষণৰ বাবে ইতিমধ্যেই তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে।