NORTHEAST NOW (Assamese)
অসম

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ বেতবাৰীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 4, 2019 9:44 am
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ বেতবাৰীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

দেওবাৰে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বেতবাৰী আঞ্চলিকৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা “ছেপ” তথা জিলা স্বাস্থ্য সেৱা বিভাগৰ ভ্ৰাম্যমান চিকিৎসক দলৰ সহযোগত ৫৪৬ নং জোলাগাওঁ প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুস্থিত হয়।

বেতবাৰীৰ দুই শতাধিক লোকৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা উক্ত শিবিৰত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ হৈ মূখ্য সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বড়া, সাংস্কৃতিক সম্পাদক বিপ্লৱজ্যোতি বড়া, বেতবাৰী আঞ্চলিক সমিতিৰ হৈ সভাপতি দ্বীপজ্যোতি দাস, সম্পাদক বিমান দাসৰ লগতে আঞ্চলিকৰ সমূহ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

আনহাতে ছেপ NGOৰ হৈ বিষয় ববীয়া অনন্ত শইকীয়া উপস্থিত থাকে। ডাঃ মুনীন গগৈয়ে আগবঢ়োৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈকৈ চলে।