NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত আংশিক আৰু উদ্দেশ্য প্ৰণোদিত, বাছি গ’ল আচল অপৰাধী : অখিল গগৈ

Posted by: এন ই নাও নিউজ September 22, 2018 10:17 pm
Akhill

এ পি এছ চিৰ ৰাজ্যকঁপোৱা কেলেংকাৰিৰ তদন্তক আংশিক আৰু ৰাজনৈতিকভাৱে নিয়ন্ত্ৰিত বুলি আজি অভিহিত কৰিলে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। এই তদন্তত আচল অপৰাধী নোলাল, ৰাকেশ পালৰ দিনত কেলেংকাৰিটোৰ মাজেৰে নিযুক্ত ৯০ শতাংশৰ মাত্ৰ ১০ শতাংশহে জালত পৰিল। প্ৰকৃত অপৰাধীসকলক বচাবৰ বাবে এই তদন্তত যথেষ্ট চেষ্টা কৰা হ’ল বুলি দাবী কৰে অখিল গগৈয়ে।

আজি এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে তদন্ত প্ৰক্ৰিয়াটো সন্দেহৰ আৱৰ্তত বুলি অভিযোগ কৰি ডিব্ৰুগড়ৰ আৰক্ষী বিষয়া সুৰজিত সিং পানেচাৰৰ নেতৃত্বত চলা তদন্তই হঠাৎ সামৰণিৰ দিশত গতি কৰাটোতো সন্দেহৰ গোন্ধ পায়। অখিল গগৈয়ে কয় যে অসমৰ ৰাইজে এই তদন্তটোৰ পৰা বহু আশা কৰিছিল। এ পি এছ চিৰ কেলেংকাৰিৰ স্বচ্ছ, নিকা আৰু সামগ্ৰিক তদন্ত হ’ব বুলি আশা কৰিছিল যদিও ই ৰাজনৈতিকভাৱে নিয়ন্ত্ৰিত হ’ল।

তেওঁ কয় যে এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত শেষৰ ফালে উপনীত হোৱা বুলি তেওঁ সংবাদ মাধ্যমত খবৰ দেখিছে। আৰু নতুনকৈ গ্ৰেপ্তাৰ কৰিব লগীয়া বিষয়া নাই, মাত্ৰ কেইজনমান দালালহে আছে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ জানিব পাৰিছে। ইয়াত তেওঁ সন্দেহৰ গোন্ধ পোৱা বুলি জনাই কয়, “তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিত সিং পানেছাৰ বিজেপি আৰু আৰ এছ এছৰ ৰাজনৈতিক চমকৰ ক্ৰীড়নকত পৰিণত হৈছে।”

৮০ শতাংশ কেলেংকাৰি কৰা মানুহক বছাই, বাকী ১০ শতাংশক ধৰি আৰু সেই ১০ শতাংশকো পৰৱৰ্তী সময়ত বাছি যোৱাৰ সুৰুঙা ৰাখি তদন্ত কৰিলে সেইটো ভাল তদন্ত হয় নেকি বুলি কৃষক নেতাজনে প্ৰশ্ন কৰে।

তেওঁ লগতে কয়, “এজন এ চি এছ বিষয়া, ৰাকেশ গুপ্তা, ডি এছ পি, তেওঁ পুলিচৰ ট্ৰেইনং লৈছে। সেই মানুহজন পলাই গ’ল। এবছৰ ধৰি অসম চৰকাৰে ৰাকেশ গুপ্তাক নিজৰ খৰচত ডি এছ পি হিচাপে প্ৰশিক্ষণ দিলে। ৰাকেশ গুপ্তা এতিয়া গুম হৈ গ’ল। নাইকিয়া হৈ গ’ল। তেওঁক কিন্তু ধৰিবৰ বাবে অসম আৰক্ষীয়ে কোনো ব্যৱস্থা নল’লে। তাৰ অৰ্থ এইটো যে খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে মতলবেৰে তদন্ত হৈছে।”

তেওঁ তদন্তকাৰী আৰক্ষীক প্ৰশ্ন কৰে, “আজি গুৰুজ্যোতি দাস কিয় গ্ৰেপ্তাৰ হোৱা, আজি সুমিত্ৰা পাতিৰ কিয় গ্ৰেপ্তাৰ নাই হোৱা, আজি চিকিমিক তালুকদাৰ কিয় গ্ৰেপ্তাৰ হোৱা নাই, আজি সুমিত্ৰা পাতিৰৰ পুতেকে কিয় ৰিজাইন দিলে?” সুৰজিত সিং পানেছাৰৰ তদন্ত এক অৰ্থহীন তদন্ত। কেলেংকাৰিত জড়িতসকল যাতে বাছি যাব পাৰে, তেনেকৈ তদন্তটো কৌশলেৰে কৰা হৈছে।”

তেওঁ তদন্ত প্ৰক্ৰিয়াত কৃষক মুক্তিৰ পৰা কিয় তথ্য আৰু তালিকা লোৱা নহ’ল বুলি প্ৰশ্ন কৰে। কৃষক মুক্তিয়েই এই কেলেংকাৰিটোক পোহৰলৈ আনিছিল আৰু ইয়াৰ বহুতো তথ্য হাতত ৰাখিছিল। তথাপি কৃষক মুক্তিৰ পৰা সহযোগিতা নিবিচাৰিলে বুলি অভিযোগ কৰে নেতাজনে।