NORTHEAST NOW (Assamese)

বঙাইগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত

March 13, 2022 3:15 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
Updated: March 13, 2022 3:22 pm

বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱীৰ প্ৰেক্ষাগৃহত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

বিভিন্ন বেমাৰৰ লগতে দাঁত সম্পর্কীয় ৰোগত আক্রান্ত বহু ৰোগীক এই চিকিৎসা শিবিৰত বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হয়।

চিকিৎসা শিবিৰটিৰ গুৰি ধৰে ডাঃ পূজা উপাধ্যায়ে।

সমাজকৰ্মী প্ৰবীণ কুমাৰ বৈশ্যৰ লগতে কেবা গৰাকী নাৰ্চ আৰু ” আই লাভ বঙাইগাঁও ” নামৰ এটি বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ কৰ্মকৰ্তাই চিকিৎসা শিবিৰটি সফল ভাবে পৰিচালনা কৰাত সহায় কৰে।

চিকিৎসা শিবিৰত ৰোগী সকলক বিভিন্ন বিভাগৰ বিশিষ্ট চিকিৎসকল ক্ৰমে ডাঃ পূজা উপাধ্যায় , ডাঃ সংগীতা বসুমতাৰী , ডাঃ দিগন্ত চৌধুৰী , ডাঃ পাৰ্থ ৰায় , ডাঃ মনীষ চাহু , ডাঃ নিৰ্দেশ তিৱাৰী, ডাঃ ইমৰান ছিৰাজ আদিয়ে চিকিৎসা প্ৰদান কৰে।

Related News