NORTHEAST NOW (Assamese)

পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ; কিশোৰী কালতে ঘটিছিল এই ঘটনা!

February 9, 2024 12:50 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

জনপ্ৰিয় অভিনেত্ৰী জুডি গড্ৰেচে ফ্ৰান্সৰ পৰিচালক বেন’ইট জেকোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী যে ১৯৮৬ চনত যেতিয়া তেওঁ ১৪ বছৰীয়া কিশোৰী আছিল তেতিয়াই তেওঁক পৰিচালকে ধৰ্ষণ কৰিছিল।

শেহতীয়াকৈ পেৰিছৰ জুভেনাইল প্ৰটেকচন ব্ৰিগেডত এই অভিযোগ দাখিল কৰা হৈছে। অভিনেত্ৰীগৰাকীৰ অধিবক্তাই এই কথা জনায়। ২৫ বছৰ বয়সৰ ব্যৱধান থকাৰ পিছতো ১৯৮০ চনত জেকো আৰু গড্ৰেচৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। তেওঁলোকৰ সম্পৰ্ক ছবছৰ ধৰি চলিছিল।

ফ্ৰান্সৰ সংবাদ মাধ্যম লে মণ্ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেকোৱে পৰিচালকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে। অৱশ্যে বিতং জানিবলৈ বিচৰাত পৰিচালকগৰাকীয়ে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

লগতে পঢ়কঃ জেলৰ ভিতৰতে গৰ্ভৱতী হৈছে মহিলা, জন্ম দিছে ১৯৬টা সন্তান; প্ৰতিবেদন বিচাৰিলে উচ্চ ন্যায়ালয়ে

উক্ত কাকতখনত দিয়া বক্তব্যৰ বাহিৰে আৰু কোনো মন্তব্য দিব নিবিচাৰে বুলিও জেকোৱে কয়। কিন্তু কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ প্ৰমাণিত হ’লে জেকোক ২০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে।

শেহতীয়াকৈ গড্ৰেচে এটা টিভি শ্ব’ত উপস্থিত হৈ জেকোৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। দীৰ্ঘদিনীয়া কেৰিয়াৰত এইগৰাকী অভিনেত্ৰীয়ে ৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।

গড্ৰেচে অভিনয় কৰা উল্লেখযোগ্য চিনেমাসমূহ হ’ল ‘দ্য অভাৰনাইট’, ‘দ্য স্পেনিছ এপাৰ্টমেণ্ট’, ‘দ্য মেন ইন দ্য আইৰন মাস্ক’ ইত্যাদি। ইয়াৰ উপৰিও গড্ৰেচে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপেও দায়িত্ব পালন কৰিছিল।

লগতে পঢ়কঃশিহৰণকাৰী! ফেচবুক লাইভ শেষ হোৱাৰ লগে লগে গুলীবিদ্ধ হৈ মৃত্যু শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা

আনহাতে, জেকোৱে সত্তৰৰ দশকৰ মাজভাগৰ পৰাই চিনেমা নিৰ্মাণ কৰি আহিছে। ২০১২ চনত তেওঁৰ ছবি ‘ফেয়াৰৱেল, মাই কুইন’ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হৈছিল।

Related News