NORTHEAST NOW (Assamese)

মণিপুৰত অব্যাহত হিংসা; এইবাৰ বিদ্যালয়ত অগ্নিসংযোগ দুস্কৃতিকাৰীৰ, চলিছে গুলীয়াগুলি

July 24, 2023 2:52 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

দিন বাগৰিছে যদিও হিংসা, অশান্তি বন্ধ হোৱা নাই মণিপুৰত। উত্তৰ-পূবৰ ৰাজ্যখনকল লৈ সমগ্ৰ দেশ অস্থিৰ। ইফালে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ।

বিগত ৪৮ ঘন্টাত মণিপুৰত পুনৰ নতুন উত্তেজনা বিয়পি পৰিছে। জানিব পৰা মতে তাত থকা এখন বিদ্যালয়ত জুই লগাই দিয়া হৈছে। চুৰাচান্দপুৰ জিলাত দুষ্কৃতিকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা তুমুল গুলীচালনাৰ ঘটনাত আহত হৈছে এগৰাকী মহিলা। এই ঘটনাত কমেও ১০টা পৰিত্যক্ত ঘৰ জ্বলাই দিয়া হয়।

লগতে পঢ়ক: গুৱাহাটীত ৰহস্যজনকভাৱে উদ্ধাৰ মণিপুৰৰ এগৰাকী যুৱতীৰ মৃতদেহ

সূত্ৰ অনুসৰি, শনিবাৰে গভীৰ নিশাৰ পৰা আৰম্ভ হয় গুলীচালনা। সোমবাৰে পুৱালৈকে সেই পৰিস্থিতি অব্যাহত থাকে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে সন্ধিয়া সংঘটিত আক্ৰমণৰ সময়ত দুস্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত কেইবা ৰাউণ্ডো গুলী চলায় আৰু বোমা নিক্ষেপ কৰে।

উল্লেখ্য যে মণিপুৰত চলি থকা সংঘাতত এতিয়ালৈকে কমেও ১৫০ জন লোকে প্ৰাণ হেৰুৱাইছে। মণিপুৰৰ অশান্তিৰ মাজতে দুগৰাকী মহিলাক উলংগ কৰি খোজ কঢ়াই নিয়াৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে পুনৰ ক্ষোভৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: সকলো বিভাগৰ ‘অপ্ৰয়োজনীয়’ খালী পদ বিলোপ কৰাৰ পদক্ষেপ অসম চৰকাৰৰ

প্ৰায় দুমাহ পুৰণি ভিডিঅ’টো দেখি সমগ্ৰ দেশ ক্ষোভত উত্তাল হৈ পৰিছে। অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰৱতা ভংগ কৰি এই ঘটনাক সভ্য সমাজৰ বাবে লজ্জাজনক বুলি অভিহিত কৰে।

বিগত কিছুদিন ধৰি মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মোডীৰ বক্তব্য দাবী কৰি আহিছে বিৰোধীয়ে। সোমবাৰেও সেই দাবীত সংসদ চৌহদ তথা সংসদ কক্ষ উত্তাল হৈ পৰে।

Related News