NORTHEAST NOW (Assamese)

বিস্ফোৰক অভিযোগ : ‘আত্মহত্যা নহয়, যথেষ্ট বুদ্ধিমত্তাৰে হত্যা কৰা হৈছিল অভিনেতা সুশান্তক!’

August 13, 2020 7:25 am · এন ই নাও নিউজ
Updated: August 13, 2020 7:31 am

বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ দেশ কঁপাই যোৱা আত্মহত্যাৰ ঘটনাই ইতিমধ্যে নতুন মোৰ লৈছে।

দুই ৰাজ্য মহাৰাষ্ট্ৰ আৰু বিহাৰৰ আৰক্ষীৰ মাজত সুশান্তৰ আত্মহত্যাৰ তদন্তক লৈ উৎপত্তি হোৱা বিবাদ গৈ উচ্চতম ন্যায়ালয়ত পাইছে।

অহা ১৩ আগষ্ট বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই সংক্ৰান্তীয় এখন আদেনৰ শুনানিৰ দিনো ধাৰ্য কৰিছে।

ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত কেন্দ্ৰীয় চৰকাৰে এই তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিছে।

ইফালে সুশান্তৰ বেংকৰ পৰা ১৫ কোটিকৈ টকা কোনো অজ্ঞাত ব্যক্তিলৈ সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীয়ে ট্ৰেঞ্চফাৰ কৰাৰ অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰে।

ইতিমধ্যে ইডি-এ ৰীয়াৰ লগেত পিতৃ আৰু ভাতৃৰ মোবাইল, লেপটপ আদি জব্দ কৰিছে।

ইয়াৰ মাজতে সুশান্তৰ অধিবক্তাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

সুশান্তৰ অধিবক্তাই অভিযোগ কৰিছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থই সুশান্তৰৰ ডিঙিত বেল্ট মেৰিয়াই চেপা মাৰি হত্যা কৰিছে।

অধিবক্তা গৰাকীয়ে এই অভিযোগৰ সমৰ্থন একাধিক যুক্তিও দাঙি ধৰিছে।

অধিবক্তা গৰাকীয়ে অভিযোগ কৰি কয় যে ঘটনাৰ দিনা দুৱাৰৰ লক্ খোলাৰ পিছত লক খোলা ব্যক্তিজনক সিদ্ধাৰ্থই গেটৰলৈকে আগবঢ়াই দিছিল।

ইফালে সিদ্ধাৰ্থই দুৱাৰখন খুলিবলৈ কিয় তৎপৰ হোৱা নাছিল বুলিও অধিবক্তা গৰাকীয়ে প্ৰশ্ন কৰিছে।

সুশান্তৰ পৰিয়ালৰ লোক অহালৈকে সিদ্ধাৰ্থই কিয় অপেক্ষা কৰিছিল ? এই প্ৰশ্নও উত্থাপন কৰিছে অধিবক্তা গৰাকীয়ে।

লগতে তেওঁ প্ৰশ্ন কৰে, দুৱাৰ খোলাৰ লগে লগে আৰক্ষী অহাৰ পূৰ্বেই সিদ্ধাৰ্থই ফেনত ওলমি থকা সুশান্তৰ দেহটো কিয় নমাইছিল ? কিয় আৰক্ষী অহালৈকে অপেক্ষা কৰা নাছিল সিদ্ধাৰ্থই ?

সিদ্ধাৰ্থৰ মতেই সুশান্তৰ ডিঙিত বেল্টৰ চিহ্ন পোৱা গৈছে, তেনে কাপোৰত ফাঁচ লাগি সুশান্তৰ শৰীৰটো কেনেকৈ ওলমি আছিল?

এই বিস্ফোৰক প্ৰশ্নবোৰ কৰি সুশান্তৰ অধিবক্তাই দাবী কৰিছে যে বন্ধু সিদ্ধাৰ্থই সুশান্তৰ হত্যাকাণ্ড সংঘটিত কৰিছে।

Related News