NORTHEAST NOW (Assamese)

বুলেটৰ পৰা বেলটলৈ : বিটিআৰৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট লাভ ভূমাফিয়া ৰমেন মদাহীৰ

September 1, 2025 6:14 pm · এন ই নাও নিউজ, গুৱাহাটী

এসময়ত ভূমি দখলৰ অভিযোগত আৰক্ষীয়ে খেদি খেদি গুলীয়াইছিল ৰমেন মদাহী নামৰ এটা ভূ-মাফিয়াই।

এই ৰমেন মাদাহীকেই এতিয়া আগন্তুক বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে কোকলাবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিবলৈ ওলাইছে।

২০২৩ চনৰ ২৬ নৱেম্বৰত গুৱাহাটীৰ লালুং গাওঁত ৰমেন মদাহীয়ে আৰক্ষীৰ জিম্মাত পৰাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে গুলীচালনা কৰে। সেই সময়ত এই কাণ্ডই শিৰোনাম দখল কৰিছিল, মাদাহী একাধিক অপৰাধমূলক অভিযোগত জড়িত ভূমি মাফিয়া হিচাপে পৰিগণিত হৈছিল।

এতিয়া এই ভূ-মাফিয়াক দুৰ্নীতিৰ ক্ষেত্ৰ শূন্য সহনশীল বুলি দাবী কৰা ভাৰতীয় জনতা পাৰ্টীয়ে টিকট প্ৰদান কৰাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে বিৰোধীয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছে।

Related News