NORTHEAST NOW (Assamese)

‘সন্মানিত শিক্ষক’ৰ পৰা হোৱাইট হাউছৰ অনুষ্ঠানৰ আক্ৰমণকাৰী: কোন এই ক’ল থমাছ এলেন?

April 26, 2026 3:22 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:50 am

ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰেস্পণ্ডেণ্টছ এছচিয়েশ্যনৰ নৈশভোজত সংঘটিত গুলীচালনাৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্ত লোকজনৰ পৰিচয় পোহৰলৈ আহিছে। তেওঁৰ নাম কল থমাছ এলন। কেলিফৰ্নিয়াৰ টৰেন্সৰ নিবাসী ৩১ বছৰীয়া এই যুৱকজনে হোটেলখনৰ নিৰাপত্তা ব্যৱস্থা অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়ত এজন ফেডাৰেল নিৰাপত্তাৰক্ষীলৈ গুলীচালনা কৰিছিল। এই ঘটনা সংঘটিত হোৱা বলৰুমৰ ভিতৰত সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু মন্ত্ৰীসভাৰ বহুতো জ্যেষ্ঠ সদস্য উপস্থিত আছিল।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, এলন কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকনলজীৰ এজন প্ৰাক্তন ছাত্ৰ আছিল। তেওঁৰ ছচিয়েল মিডিয়া আৰু পেছাদাৰী প্ৰফাইলৰ পৰা জানিব পৰা গৈছে যে তেওঁ এজন অংশকালীন শিক্ষক আৰু স্বতন্ত্ৰ গেম ডেভেলপাৰ হিচাপে কাম কৰিছিল। তেওঁৰ লিংকডইন প্ৰফাইলত তেওঁক মেকানিকেল ইঞ্জিনিয়াৰ, কম্পিউটাৰ বিজ্ঞানী আৰু জন্মগতভাৱে এজন শিক্ষক বুলি উল্লেখ কৰা হৈছে। তেওঁ ২০১৭ চনত মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক আৰু ২০২৫ চনত কম্পিউটাৰ ছায়েন্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ এখন ব্যক্তিগত প্ৰতিষ্ঠানত টিউচন কৰিছিল, ত তেওঁক ২০২৪ চনৰ ডিচেম্বৰ মাহত টিচাৰ অফ দ্য মান্থসন্মান প্ৰদান কৰা হৈছিল।

তদন্তকাৰী বিষয়াৰ মতে, এলন ৱাশ্বিংটন হিল্টন হোটেলৰে এজন আলহী আছিল যত এই বাৰ্ষিক নৈশভোজৰ আয়োজন কৰা হৈছিল। অৱশ্যে এই আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কৰ্তৃপক্ষই জনোৱা মতে, এলনৰ হাতত এটা শ্বটগান, এটা হেণ্ডগান আৰু কেইবাখনো ছুৰীকে ধৰি বহুতো অস্ত্ৰ-শস্ত্ৰ আছিল। আৰক্ষী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্প দুয়োৱে সন্দেহযুক্ত লোকজনক অকলশৰীয়াকৈ আক্ৰমণ চলোৱা লোক বুলি অভিহিত কৰিছে আৰু ইয়াৰ আঁৰত কোনো ডাঙৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ নাকচ কৰিছে। বৰ্তমান তেওঁৰ বিৰুদ্ধে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ আৰু ফেডাৰেল বিষয়াক আক্ৰমণ কৰাৰ প্ৰাথমিক অভিযোগ উত্থাপন কৰা হৈছে।

হোৱাইট হাউছৰ এই অনুষ্ঠানত হোৱা গুলীচালনাৰ ঘটনাই ৰিপাব্লিকান আৰু ডেমোক্ৰেটসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সোঁপন্থী নেত্ৰী লৰা লুমাৰে দাবী কৰিছে যে আক্ৰমণকাৰীজনে ২০২৪ চনত কমলা হেৰিছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰলৈ বৰঙণি আগবঢ়াইছিল। লুমাৰে নিজৰ এক্স একাউণ্টত এলনক এগৰাকী ডেমোক্ৰেট বুলিও উল্লেখ কৰে। অৱশ্যে এই দাবীসমূহৰ কোনো চৰকাৰী নিশ্চিতকৰণ হোৱা নাই আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহে এতিয়ালৈকে এই আক্ৰমণৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য থকাৰ কথা স্পষ্ট কৰা নাই।

Related News