NORTHEAST NOW (Assamese)
অসম

পেট্ৰ’ল-ডিজেলৰ আকাশলঙ্ঘী দৌৰ; পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2021 9:23 am
Fuel prices rise again in the country

দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে দেশত ইন্ধনৰ মূল্য পুনৰ বৃদ্ধি হৈছে। তেল বিপণন কোম্পানীবোৰে আজি খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ মাজত ঘৰুৱা বজাৰত তেলৰ মূল্য বৃদ্ধি কৰিছে।

আজি পেট্ৰ’লৰ মূল্য ২৪ ৰ পৰা ২৫ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৩০ ৰ পৰা ৩২ পইচা ব্যয়বহুল হৈছে।

যোৱা ছবছৰৰ ভিতৰত খাৰুৱা তেল এতিয়া উচ্চতম স্তৰত চলি আছে, যাৰ ফলত ঘৰুৱা বজাৰত তেলৰ মূল্য বৃদ্ধি হৈছে।

অৱশ্যে, বুধবাৰে বজাৰত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস হৈছিল।

আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে কেঁচা তেলৰ মূল্য। কালি আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য ০.৫৭ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ৭৭.৯০ ডলাৰ হৈছে।

যোৱা এসপ্তাহত পাঁচ দিনৰ বাবে ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। আনহাতে পেট্ৰ’লৰ মূল্য যোৱা দুদিনত পূৰ্বতকৈ বৃদ্ধি হৈছে।

এই সপ্তাহৰ বৃদ্ধিৰ পিছত ডিজেল প্ৰায় ১.৫০ টকা ব্যয়বহুল হৈছে। আনহাতে পেট্ৰ’লৰ মূল্য ৪০ ৰ পৰা ৪৫ পইচা বৃদ্ধি পাইছে।