NORTHEAST NOW (Assamese)

যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব বিজয় মালিয়াক

June 3, 2020 11:02 pm · এন ই নাও নিউজ

পলাতক ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াক যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যৰ্পন কৰা হ’ব।

শীৰ্ষ চৰকাৰী সূত্ৰৰ ভিত্তিত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে ভাৰতলৈ মালিয়াৰ প্ৰত্যৰ্পন বিষয়ক আইনী প্ৰক্ৰিয়াসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে।

ভাৰতলৈ প্ৰত্যৰ্পনক প্ৰত্যাহ্বান জনাই মালিয়াই ইউ কেৰ শীৰ্ষ আদালতত কৰা আৱেদন যোৱা ১৪ মে’ত খাৰিজ হৈছিল।

অৱশ্যে মালিয়াক কোন দিনা প্ৰত্যৰ্পন কৰা হ’ব সেই কথা এতিয়াও প্ৰকাশ পোৱা নাই।

প্ৰাক্তন সাংসদ, সুৰা সম্ৰাটৰূপে জনাজাত মালিয়াৰ বিৰুদ্ধে ৯০০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে।

মালিয়াই অতি কমেও ১৭টা ভাৰতীয় বেংকক জালিয়াতি কৰিছিল।

মালিয়াই তেওঁৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ বিনিময়ত ১০০ শতাংশ লোন ঘূৰাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দি আহিছিল।

১৪ মে’ত আদালতৰ নিৰ্দেশৰ পিছতো মালিয়াই একেই প্ৰস্তাৱ দোহাৰিছিল, কিন্তু ভাৰত চৰকাৰ তেওঁৰ প্ৰস্তাৱত মান্তি হোৱা নাই।

চি বি আয়ে মালিয়া আৰু অন্যান্যৰ বিৰুদ্ধে ২০১৭ চনৰ ২৪ জানুৱাৰিত চাৰ্জশ্বীট দাখিল কৰিছিল।

একে বছৰেই তেওঁক প্ৰত্যৰ্পনৰ বাবে চি বি আয়ে কৰা অনুৰোধৰ পিছতে মালিয়াক ইউ কেৰ কৰ্তৃপক্ষসমূহে গ্ৰেপ্তাৰ কৰিছিল।

Related News