NORTHEAST NOW (Assamese)
Popular Stories

সপোন বাস্তৱত পৰিণত কৰক; ২১ টকা জমা কৰি লাভ কৰক ৯০ লাখ টকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2020 6:00 pm
১

যুগৰ পৰিৱৰ্তন আৰু মূল্যবৃদ্ধিৰ ফলত আপুনি আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন পূৰণত প্ৰায়ে ব্যৰ্থ হ’বগলীয়া হয়।

দৈনিক কঠোৰ পৰিশ্ৰমৰ অন্তত আপুনি যেতিয়া পৰিয়ালৰ প্ৰয়োজনবোৰ পূৰণ কৰিব নোৱাৰে তেতিয়া স্বাভাৱিকতে আপুনি হতাশাত ভোগে নিশ্চয়! আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজনবোৰ পূৰণ কৰিব নোৱাৰাৰ বাবে কেৱল আপুনিয়েই হতাশাগ্ৰস্ত নহয়, আপোনাৰ গোটেই পৰিয়ালটোৱেই হতাশগ্ৰস্ততাত ভোগে।

আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ এই হতাশাক আপুনি দূৰ কৰিব পাৰিব। কিন্তু কেনেকৈ?

আপুনি দৈনিক মাত্ৰ ২১ টকাকৈ জমা কৰি ৯০ লাখ টকা লাভ কৰি আপোনাৰ লগতে পৰিয়ালৰ হতাশা দূৰ কৰিব পাৰিব। এনেকৈয়ে আপুনি নিজৰ সন্তানক দি যাব পাৰিব এক শকত অংকৰৰ জমা ধন।

এই আঁচিনৰ যোগে আপুনি দৈনিক ২১ টকা বা মাহিলী ৬৩০ টকাকৈ মিচিউৱেল ফাণ্ডত জমা থ’ব লাগিব। এইদৰে ৩০ বছৰ জমা থোৱাৰ পিছত আপুনি লাভ কৰিব ৯০ লাখ টকা।

আপুনি মিচিউৱেল ফাণ্ডত মাহিলী ৬৩০ টকাকৈ জমা থোৱা ১২ মাহৰ সেই জমা ধন ৭,৫৬০ টকাৰ ১৮ শতাংশ সুত লাভ কৰিব প্ৰতি বছৰে। বছৰেকীয়া জমা ধনৰ সৈতে সেই ১৮ শতাংশ সুতেৰে আপুনি ৩০ বছৰত লাভ কৰিব ৯০.২ লাখ টকা।

আনহাতে এই আঁচনিৰ যোগে আপুনি একেবাৰে ২,২৬,৮০০ জমা কৰিলেও ছিষ্টেমেটিক ইনভেছমেন্ট প্লেন(SIP)ৰ অধীনত ৩০ বছৰ পাছত লাভ কৰিব ৯০ লাখ টকা।

SIPৰ অধীনত আপোনাৰ প্ৰথম মাহৰ সুতৰ অংশটো দ্বিতীয় মাহৰ মূলৰ লগত যোগ হ’ব আৰু ইয়ে আপোনাৰ ইনেভছমেন্টৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে লাভৰ পৰিমাণ ও বৃদ্ধি কৰিব। আপেনাৰ টাৰ্ম পিৰিয়ড বৃদ্ধি হৈ গৈ থাকিলে SIPৰ যোগে আপোনাৰ লাভৰ পৰিমাণো ক্ৰমশঃ বৃদ্ধি হৈ গৈ থাকিব।

SIPৰ আপুনি জৰিয়তে আপুনি ৫০০ টকাকৈ মাহিলী নিয়মিত জমা কৰি গ’লেও আপুনি লাভ কৰিব পাৰিব মোটা অংকৰ ধন, যি ধনেৰে আপোনাৰ লগতে আপোনাৰ সন্তানক অৰ্থনৈতিক দুঃচিন্তাৰ পৰা আঁতৰাই ৰাখিব।