NORTHEAST NOW (Assamese)
অসম

পৰম্পৰা! দৰা-কইনাক বিয়াৰ ৩ দিন পিছলৈকে যাব নিদিয়ে টইলেটত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2020 6:26 pm

বিবাহক লৈ বিভিন্ন ঠাইত বেলেগ বেলেগ পৰম্পৰা দেখা যায়। ইয়াৰে কিছুমান আন ঠাইৰ মানুহৰ বাবে আচহুৱা বা আজৱ যেন লাগে।

ইন্দোনেছিয়াৰ এটা সম্প্ৰদায়ৰ মাজতো আছে এক আচহুৱা ধৰণৰ পৰম্পৰা। দেশখনৰ TDONG বোলা সম্প্ৰদায়টোৱে দৰা-কইনাক বিয়াৰ ৩ দিন পিছলৈকে টইলেটত যাবলৈ নিদিয়ে।

নৱ দম্পতিহালৰ বাবে শৌচ, পেচাৱ দুয়োটাই তিনি দিনলৈ নিষিদ্ধ থাকে। অন্যথা বিবাহৰ পৱিত্ৰতা নষ্ট হয় বুলি তেওঁলোকে বিশ্বাস কৰে।

এই নিয়ম ভংগ হ’লে বিয়াখন তেওঁলোকে অশুভ বুলি ধৰাৰ লগতে বিয়া ভাঙিও আনকি দিয়া হয়।

আনকি এই পৰম্পৰা ভংগই দৰা-কইনাৰ জীৱনলৈয়ো ভাবুকি কঢ়িয়াই আনিব পাৰে।

সম্প্ৰদায়টোৰ বিশ্বাস টইলেটলৈ গ’লে মানুহ পৱিত্ৰ হয় কাৰণ মানুহে তাত এৰি আহে ঋণাত্মক শক্তি।

পৰম্পৰামতে টইলেটৰ পৰা নৱ দম্পতিহাললৈ বেলেগ লোকৰ ঋণাত্মক শক্তি সোমাই আহিব পাৰে।

পৰম্পৰাটো খুব কঠোৰভাৱে পালন কৰা হয়। দৰা-কইনাক সেইকেইদিন খুব কমকৈ খাদ্য আৰু পানী খাবলৈ দিয়া হয়।