NORTHEAST NOW (Assamese)

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

August 21, 2025 12:16 pm · এন ই নাও নিউজ, গুৱাহাটী

মমতা বেনাৰ্জীকে ধৰি বিৰোধীৰ দীৰ্ঘদিনীয়া হেঁচা্ত সমস্যৰ সমাধান হৈছে। জীৱন আৰু স্বাস্থ্য বীমা সম্পূৰ্ণ কৰমুক্ত হোৱাৰ পথত আগবাঢ়িছে। বীমা মন্ত্ৰী গোটে বীমাক কৰমুক্ত কৰাৰ প্ৰস্তাৱত সহমত পোষণ কৰিছে। এই সিদ্ধান্ত বুধবাৰে ঘোষণা কৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা বীমা মন্ত্ৰী গোটৰ আহ্বায়ক সম্ৰাট চৌধুৰীয়ে।

তৃণমূল কংগ্ৰেছে দীৰ্ঘদিন ধৰি বীমাৰ ওপৰত জি এছ টি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে। দলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ পত্ৰ লিখি এই দাবী জনাইছিল। পশ্চিম বংগৰ শাসকীয় দলটোৱেও সংসদৰ অধিৱেশনত এই বিষয়টো উত্থাপন কৰিছে। বিগত সময়ত পশ্চিম বংগৰ বিত্তমন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই জি এছ টি পৰিষদৰ বৈঠকত বীমাৰ ওপৰত জি এছ টি প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছিল। দেশৰ বাকী ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলেও জীৱন আৰু স্বাস্থ্য বীমাৰ জি এছ টি হ্ৰাস কৰাৰ পক্ষত আছে। বিৰোধীয়ে কয় যে, জীৱন আৰু স্বাস্থ্য বীমাৰ ১৮ শতাংশ জি এছ টিয়ে বীমা খণ্ড সংকুচিত কৰি তুলিছে। কিন্তু কেন্দ্রই এই পৰ্যন্ত সিদ্ধান্ত পলম কৰি আহিছে৷

স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে অনাগত দিনত কৰ গাঁথনি আৰু অধিক সৰল কৰা হব। দেশখনক সমৃদ্ধ কৰাৰ স্বাৰ্থত কৰ বোজা হ্ৰাস কৰিবলৈ প্ৰৱৰ্তন কৰা হব নেক্সট জেনেৰেচন জি এছ টি। ইয়াৰ পাছত স্বাস্থ্য বীমাৰ পৰা জি এছ টি সম্পূৰ্ণৰূপে উলিয়াবলৈ কেন্দ্ৰই আগবাঢ়িছে। মন্ত্ৰী গোটৰ সিদ্ধান্ত কাৰ্যকৰী হলে জীৱন আৰু স্বাস্থ্য বীমা ১৮ৰ পৰা ০ শতাংশলৈ হ্ৰাস পাব। জি এছ টি পৰিষদৰ পৰৱৰ্তী বৈঠকত কাৰ্যকৰী হব এই সিদ্ধান্ত। কিন্তু এই সুবিধাসমূহ সাধাৰণ নাগৰিকে প্ৰত্যক্ষভাৱে লাভ কৰিব নে নাই সেই সন্দৰ্ভত মন্ত্ৰী গোটৰ সদস্যসকলৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। একাংশৰ মতে ইয়াৰ ফলত বীমাৰ প্ৰিমিয়ামো কমি নাযায়। বুধবাৰে মন্ত্ৰী গোটৰ বৈঠকত কেইবাজনো সদস্যই দাবী উত্থাপন কৰিছে যে কেৱল স্বাস্থ্য বীমাক কৰমুক্ত কৰাই নহয়, ইয়াৰ সুবিধা সাধাৰণ নাগৰিকৰ বাবেও নিশ্চিত কৰিব লাগে।

কেন্দ্ৰৰ এই সিদ্ধান্তক মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ বাবে এক জয় হিচাপে দেখা গৈছে। মমতাই দীৰ্ঘদিন ধৰি এই ‘জনবিৰোধী কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছে। তৃণমূল নেতাগৰাকীয়ে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ পৰা জি এছ টি উলিয়াব লাগে বুলি মন্তব্য কৰে। এইবোৰ সাধাৰণ মানুহৰ স্বাস্থ্যজনিত সমস্যাৰ লগত জড়িত। জি এছ টি বিষয়টো বেয়া কাৰণ ইয়াৰ ফলত জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তাত বিৰূপ প্ৰভাৱ পৰে। মমতাৰ হেঁচাত কেন্দ্ৰটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়।

Related News