NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণাৰ পিছতে গম্ভীৰৰ মন্তব্য-‍ ‘ভাৰত আত্মনিৰ্ভৰশীল হ’ব’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2020 8:29 am
Gautam-Gambhir-Facts-in-Hin

ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সময়তে মঙলবাৰে নিশা ৮ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি এখন নতুন আঁচনিৰ কথা ঘোষণা কৰে।

ভাইৰাছ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনে ভাৰতৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

‘আত্মনিৰ্ভৰ ভাৰত’ নামৰ অভিযানৰ জৰিয়তে এই আৰ্থিক পেকেজ ঘোষণা কৰে। এই পেকেজে কৃক, শ্ৰমিকৰ লগতে মধ্যবিত্ত শ্ৰেণাক উপকৃত কৰিব বুলি মোদীয়ে উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীৰ এই ঘোষণাৰ পিছতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰে এই আৰ্থিক পেকেজক ভাল পদক্ষেপ বুলি অভিহিত কৰিছে।

গম্ভীৰে টুইটাৰযোগে কয়, ‍‘ভাৰত আত্মনিৰ্ভৰশীল হ’ব, ধন্যবাদ প্ৰধান মন্ত্ৰী মোদী, ২০ লাখ কোটি টকাৰ এই আৰ্থিক পেকেজে ভাৰতীয় অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব’।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে ২০ লাখ কোটি টকাৰ পেকেজে ২০২০ত ভাৰতৰ বিকাশ যাত্ৰাত এটা গতি দিব। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰ্ণ কৰাৰ বাবে সকলো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হৈছে।

এই আৰ্থিক পেকেজে আমাৰ কুটীৰ শিল্প, ক্ষুদ্ৰ শিল্প আদিক সহায় কৰিব।

উল্লেখ্য যে, আৰ্থিক পেকেজৰ উপৰি প্ৰধান মন্ত্ৰী মোদীয়ে দেশত লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি পাব বুলি ঘোষণা কৰে। অৱশ্যে চতুৰ্থ পৰ্যায়ৰ লকডাউন নীতি-নিয়ম পূৰ্বতকৈ বহু পৰিমানে পৃথক হ’ব বুলি জনায়।