NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰত জুৱাৰ ঘাটি উৎখাত; পলাতক জুৱাৰ আড্ডা বহোৱা পৌৰসভাৰ কৰ্মচাৰী

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 26, 2020 3:56 pm

বৃহস্পতিবাৰে নিশা শিৱসাগৰত এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰা হয়। শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত গায়েন গাঁৱত জুৱাৰ এই আড্ডা চলি আহিছিল।

যোৱা নিশা প্ৰায় ১০ মান বজাত শিৱসাগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই জুৱা খেলি থকা অৱস্থাত হাতে লুতে ছজনকৈ জুৱাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা লক্ষাধিক টকা জব্দ কৰে।

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত বৰাই জনেৱা মতে গায়েন গাঁৱৰ পৌৰসভাৰ কৰ্মী সঞ্জীৱ দত্ত ওৰফে পি নামৰ ব্যক্তিজনৰ ঘৰত চলিছিল এই জুৱাৰ আড্ডা। ঘটনাস্থলীৰ পৰা সঞ্জীৱ ওৰফে পি পলাই যায় যদিও আৰক্ষীয়ে আটক কৰে ৬ জন জুৱাৰীক।

আটক কৰা জুৱাৰী কেইজন হ’ল ৰাজেশ জৈন, দেওকৃষণ দাগা, পৱন ৰাঠি, সন্তোষ কয়েল, অমৃত গোৱেল আৰু গুড্ডু ওৰফে প্ৰকাশ আগৰৱালা।

আটাইকেইজন জুৱাৰী শিৱসাগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী। আৰক্ষীয়ে ধৃত জুৱাৰী কেইজনৰ বিৰুদ্ধে জামিন বিহীন গোচৰ পঞ্জীয়ণ কৰি আদালতত হাজিৰ কৰিব বুলি জানিবলৈ দিয়ে।