NORTHEAST NOW (Assamese)

“গান্ধী নে চাভাৰকাৰ?” বিজেপিক কংগ্ৰেছৰ প্ৰশ্ন

October 25, 2019 7:25 pm · কল্পজ্যোতি শইকীয়া
Updated: October 25, 2019 7:26 pm
প্ৰতিনিধিত্বমূলক ফটো

শাসক বিজেপিৰ দেশজোৰা “সংকল্প যাত্ৰা”ৰ পথত কংগ্ৰেছে শুকুৰবাৰে উত্থাপন কৰিছে এক “মতাদৰ্শগত” প্ৰশ্ন: গান্ধী নে চাভাৰকাৰ?

দুয়োগৰাকী নেতাৰ দুটা মতাদৰ্শৰ পূজন একে সময়তে হ’ব নোৱাৰে বুলি উল্লেখ কৰি বিজেপিৰ সংকল্প যাত্ৰাক কংগ্ৰেছে “ৰাজনৈতিক ভণ্ডামি” আখ্যা দিছে।

অহিংস নীতিত বিশ্বাসী গান্ধীজীৰ ফটোখন একমাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবেহে তেওঁলোকে ব্যৱহাৰ কৰিছে, গুৱাহাটীত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয়।

“‘…গান্ধীজীৰ হত্যাকাৰী নাথুৰাম গডছেক পূজা কৰে, নাথুৰাম গডছেৰ মাৰ্গদৰ্শক চাভাৰকাৰক ভাৰতৰত্ন প্ৰদানৰ বাবে দাবী উত্থাপন কৰে।”

ভট্টাচাৰ্য্যই ভাৰতৰ স্বাধীনতা সংগ্ৰামত চাভাৰকাৰৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে।

“স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতীয় জনসংঘ আৰু চাভাৰকাৰহঁতে ব্ৰিটিছৰ পৃষ্ঠপোষকতা কৰিছিল,” তেওঁ কয়।

কংগ্ৰেছ মুখপাত্ৰজনে লগতে কয়, গান্ধীজীৰ সপোনৰ ভাৰতবৰ্ষত ধৰ্মীয় বিভাজনৰ কোনো স্থান নাই।

মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে শাসক দলটোৱে দেশজুৰি “সংকল্প যাত্ৰা” অভিযান আৰম্ভ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীজীৰ জন্ম দিৱসৰ দিনা যোৱা ২ অক্তোবৰত গুজৰাটত এই যাত্ৰা মুকলি কৰিছিল।

বিজেপিৰ ঘোষণামতে, এই যাত্ৰাৰ জৰিয়তে গান্ধীজীৰ অহিংসা, স্বৰাজ আৰু সৰলতাৰ দৰে আদৰ্শ আৰু নীতিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হ’ব।

এই যাত্ৰা পূৰ্বে ২ৰ পৰা ৩১ অক্তোবৰলৈকে চলাৰ কথা আছিল যদিও পিছত ইয়াক ১২০ দিনীয়া কাৰ্য্যসূচীৰূপে ঘোষণা কৰা হয়।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ অধ্যক্ষতাত এটা ১০জনীয়া গোটে তদাৰকী কৰা যাত্ৰাটো ২০২০ চনৰ ৩১ জানুৱাৰিত সমাপ্ত হ’ব।

যাত্ৰাটোৰ বাবে বিজেপিৰ প্ৰদেশ সমিতিসমূহক দলৰ মুখ্য কাৰ্য্যালয়ৰ পৰা প’ষ্টাৰ, বেনাৰ আৰু আন সামগ্ৰী যোগান ধৰা হৈছে।

Related News