NORTHEAST NOW (Assamese)

আমাক বিবস্ত্ৰা আৰু ধৰ্ষণ কৰাৰ সময়ত সহায়ৰ সলনি পলায়ন কৰিছিল আৰক্ষীয়ে – মণিপুৰৰ ভুক্তভোগী মহিলাৰ ভাষ্য

July 21, 2023 10:01 am · এন ই নাও নিউজ, গুৱাহাটী

দেশ কঁপাই যোৱা মণিপুৰৰ গণ ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে দাবী কৰিছে তেওঁলোকক বিবস্ত্ৰা কৰি নিৰ্যাতন চলোৱাৰ সময়ত ঘটনাস্থলিত আৰক্ষী উপস্থিত আছিল আৰু আৰক্ষীয়ে তেওঁলোকক সহায় কৰাৰ সলনি হিংস্ৰ আৰু উন্মাদ গঞাৰ সমুখত নিৰ্যাতনৰ বলি হ’বলৈ এৰি দিছিল।

এই ঘটনাৰ ভাইৰেল হৈ পৰা ভিডিঅ’ত দুগৰাকী মহিলাক দেখা গৈছিল। তাৰে এগৰাকী ৪০ বছৰীয়া মাতৃ আছিল আৰু আনগৰাকী আছিল এগৰাকী কিশোৰী।

দ্য প্ৰিন্টৰ সাংবাদিকক ভুক্তভোগী ৪০ বছৰীয়া মহিলাগৰাকীয়ে কোৱা মতে, এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁলোকক আৰক্ষীয়ে পৰিত্যাগ কৰি নিজাববীয়াকৈ পলায়ন কৰিবলৈ এৰি দিয়ে আৰু আৰক্ষীয়েও সেই স্থানৰ পৰা পলায়ন কৰে। 

এই ঘটনা সন্দৰ্ভত ১৮ মে’ত দাখিল কৰা আৰক্ষীৰ এজাহাৰ অনুসৰি কনিষ্ঠ মহিলাগৰাকীয়েও নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ কষ্ট ভোগ কৰিছিল। কাংপোকপি জিলাৰ তেওঁলোকৰ গাওঁখনত আক্ৰমণৰ বলি হোৱাৰ পিছত তেওঁলোকে ওচৰৰ হাবিত আশ্ৰয় বিচাৰিছিল বুলি জানিব পৰা গৈছে।

লগতে মহিলাগৰাকীয়ে কয় যে প্ৰায় দুঘন্টা ধৰি তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলাই থকা হৈছিল। এজন এজনকৈ বহুকেইজন পুৰুষে তেওঁলোকক ধৰ্ষণ কৰিছিল। নিযাতিতা কিশোৰীগৰাকীৰ পিতৃ আৰু ভাতৃক সেই স্থানতে হত্যা কৰি তেওঁলোকৰ মৃতদেহ খালত পেলাই দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই কাণ্ডৰ সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰাই কয় যে যদি চৰকাৰে কোনো ব্যৱস্থা নকৰে তেন্তে উচ্চতম ন্যায়ালয়ে কৰিব।

লগতে পঢ়কঃ মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই কঁপাইছে দেশ: দুই কুকি মহিলাক পথত উলংগ কৰি সমদল, দলবদ্ধ ধৰ্ষণৰ অভিযোগ

লগতে পঢ়কঃ সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হ’ল নেকি? মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী

Related News