NORTHEAST NOW (Assamese)

কাজিৰঙাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত শিহুৰ মৃতদেহ উদ্ধাৰ

December 14, 2018 8:21 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন বন সংমণ্ডল বিশ্বনাথৰ অধিনৰ ব্ৰহ্মপুত্ৰৰ গাই টাপুত আজি এটা প্ৰকাণ্ড শিহু মৃত অৱস্থাত উদ্ধাৰ হয়। বন কৰ্মীৰ এটা দলে পানীত উপঙি থকা অৱস্থাত শিহুটো উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

শিহুটো উদ্ধাৰ কৰাৰ পাছত বন সংমণ্ডল বিষয়া মুকুট দাসৰ তত্ত্বাৱধানত শিহুৰ গৱেষণাৰ কাম কৰি থকা ভাৰতীয় বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ বিশেজ্ঞৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ মৃত শিহুটো পৰীক্ষা কৰে। তদুপৰি কি কাৰণত শিহুটোৱে মৃত্যুক আকোৱালি ল’লে তাৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ উদ্দেশ্যে শিহুটোৰ মৰণোত্তৰ পৰীক্ষাও কৰা হয়।

মৰণোত্তৰ পৰীক্ষাত শিহুটোৰ বাৰ্ধক্যজনিত কাৰণতেই মৃত্যু হোৱা বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰ অংশত কেইবাটাও শিহু থকা বুলি বিশেষজ্ঞই জানিবলৈ দিয়ে। উল্লেখ্য যে অতি বিৰল প্ৰজাতিৰ শিহু মূলতঃ গংগা প্ৰজাতিৰ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী বুলি স্বীকৃত।

Related News