NORTHEAST NOW (Assamese)

কানাডাত পুনৰ ‘মোষ্ট ৱাণ্টেড’ খালিস্তানী উগ্ৰপন্থীক হত্যা

September 21, 2023 12:29 pm · এন ই নাও নিউজ, গুৱাহাটী
সুখদল সিং ওৰফে সুখা ডুনেকৰ। ফাইল ফটো: সংগ্ৰহীত।

কানাডা-ভাৰতৰ কূটনৈতিক সম্পৰ্কত জটিলতাৰ সৃষ্টি হোৱাৰ মাজতে এজন মোষ্ট ৱাণ্টেড’ খালিস্তানী উগ্ৰপন্থীক হত্যা কৰা হৈছে।

কানাডাত পুনৰ হত্যা কৰা হ’ল এজন খালিস্তানী উগ্ৰপন্থীক। বুধবাৰে নিশা গেং ৱাৰত মৃত্যু হয় সুখদল সিং ওৰফে সুখা ডুনেকৰ।

ইফালে, বুধবাৰে এন আই এয়ে এক্স হেণ্ডেলত ৪৩ জন “মোষ্ট ৱাণ্টেড” সন্ত্ৰাসবাদী আৰু গেংষ্টাৰৰ তালিকা প্ৰকাশ কৰে। সেই তালিকাত সুখদল সিঙৰ নামো আছিল।

লগতে পঢ়ক: চন্দ্ৰৰ বুকুত সূৰ্য্যোদয়ৰ লগে লগে আশাবাদী ইছৰোৰ বিজ্ঞানীসকল; নিদ্ৰা ভাঙিবনে লেণ্ডাৰ-ৰ’ভাৰৰ?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সুখদলে ভাৰত এৰি ২০১৭ চনত কানাডালৈ পলায়ন কৰে। তেওঁ পঞ্জাৱৰ মোগা জিলাৰ ডেবিন্দৰ বাম্বাভিয়া মাফিয়া গেঙৰ সদস্য আছিল।

উল্লেখ্য যে যোৱা ১৯ জুনত কানাডাত এনেদৰেই গুলীয়াই হত্যা কৰা হৈছিল হৰদীপ সিং নিজ্জাৰক। তেওঁৰ হত্যাকাণ্ডৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে জনাইছিল যে খালিস্তানী নেতাজনৰ হত্যাকাণ্ডত ভাৰতীয় লোক জড়িত বুলি তদন্তকাৰীয়ে ধাৰণা কৰে।

লগতে পঢ়ক: পাকিস্তানীৰ সৈতে ‘স্পৰ্শকাতৰ তথ্য বিনিময়’ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ এজন লোক

ইতিমধ্যে এই ঘটনাৰ পিছৰে পৰা কানাডা আৰু ভাৰতৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হৈছে।

Related News