NORTHEAST NOW (Assamese)

গুৱাহাটী ৰে’ল ষ্টেশ্যনত গাঞ্জা আৰু হিৰ’ইন জব্দ; এজনক আটক

March 11, 2020 3:19 pm · দীপজ্যোতি শৰ্মা
Updated: March 11, 2020 8:24 pm

গুৱাহাটী ৰে’ল ষ্টেশ্যনত আজি যথেষ্ট পৰিমানৰ নিষিদ্ধ গাঞ্জা আৰু হিৰ’ইন জব্দ কৰা হয়। ৰে’ল আৰক্ষীয়ে জনোৱা মতে কামৰূপ এক্সপ্ৰেছ ট্ৰেইনখনত উঠিবলৈ লওঁতে এজন ব্যক্তিৰ পৰা হিৰ’ইনখিনি জব্দ কৰা হয়।

আটকাধীন লোকজনক আব্দুল মজিদ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পৰা জব্দ কৰা হিৰ’ইনখিনিৰ মূল্য প্ৰায় ১ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। হিৰ’ইনখিনি ম্যানমাৰৰ পৰা কঢ়িয়াই অনা হৈছিল বুলি ৰে’ল আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

ধৃত আব্দুলে হিৰ’ইনখিনি বেংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

ইফালে আজি পুৱাই গুৱাহাটী ৰে’ল ষ্টেশ্যনত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰে’ল আৰক্ষীয়ে ১১ কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰে। জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা হ’ব বুলি ৰে’ল আৰক্ষীয়ে জনায়। ৰাজধানী এক্সপ্ৰেছৰ ডবা নং-এ ১ৰ পৰা উক্ত গাঞ্জাখিনি জব্দ কৰা হয়।

Related News