NORTHEAST NOW (Assamese)

১২ ছেপ্টেম্বৰৰ চকা বন্ধলৈ সমৰ্থন নাই গাৰো সাহিত্য সভাৰ; অপপ্ৰচাৰ নচলাবলৈ আহ্বান সভাপতিৰ

September 11, 2018 11:03 am · এন ই নাও নিউজ

গাৰো স্বায়ত্তশাসন প্ৰদানৰ দাবীত গাৰো জনগোষ্ঠীৰ কেইবাটাও সংগঠনে আহ্বান জনোৱা ১২ ছেপ্টেম্বৰৰ চকা বন্ধ কাৰ্যসূচীলৈ গাৰো সাহিত্য সভাৰ সমৰ্থন নাই। এই কথা জানিবলৈ দিছে গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিৰ জৰিয়তে।

প্ৰেছ বিবৃতিটোত তাৰোপৰি তেওঁ উল্লেখ কৰিছে যে যোৱা ৮ ছেপ্টেম্বৰত গোৱালপাৰা জিলাৰ হুদাকোণাত গাৰো সংগঠনসমূহে অনুষ্ঠিত কৰা সভাত গাৰো সাহিত্য সভাৰ কোনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা নাছিল। তেওঁ উক্ত সভাত গাৰো সাহিত্য সভাৰ প্ৰতিনিধিও আছিল বুলি চলোৱা প্ৰচাৰৰ বাবে গৰিহণা দিয়ে সংশ্লিষ্ট পক্ষবোৰক। গাৰো সংগঠনসমূহে সকলোকে বিভ্ৰান্তিৰ পথলৈ ঠেলি দিয়াটো বন্ধ কৰিব লাগে বুলিও তেওঁ দাবী জনায়।

প্ৰেছ বিবৃতিটোত সভাপতিগৰাকীয়ে কয়, “গাৰো সাহিত্য সভাই গাৰো জাতিৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ উত্তৰণৰ বাবেহে সদায় কাম কৰি আহিছে। তেনেস্থলত স্বায়ত্তশাসনৰ দাবীত নামত ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীত গাৰো সাহিত্য সভাক জড়িত কৰা কাৰ্য গৰিহণাৰ যোগ্য।”

অনাগত দিনত চৰকাৰ বিৰোধী কোনো কাৰ্যসূচী তথা স্বায়ত্তশাসনৰ দাবীত গ্ৰহণ কৰা কোনো আন্দোলনৰ কাৰ্যসূচীত গাৰো সাহিত্য সভাৰ সমৰ্থন থকা বুলি অপপ্ৰচাৰ নচলাবলৈ গাৰো সংগঠনসমূহক সকীয়াই দিয়ে সভাপতি সৰোজ চাংমাই।

 

Related News