NORTHEAST NOW (Assamese)

ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰতো আজি পালন কৰা হয় গৰু বিহু

April 14, 2022 5:27 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

আজি গৰু বিহু ৷ সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহাসিক শিৱসাগৰৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা  হৈছে গৰু  বিহু। চহা কৃষিজীৱী অসমীয়া ৰাইজে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি পালন কৰিছে গৰু বিহু।

ৰজাবাৰী দৰিকাঘাট গাওঁত আজি পুৱাই আহি সকলো ৰাইজে একত্ৰিত হৈ দৰিকৰ দলঙৰ সমীপত ৰজহুৱাভাবে পালন কৰিছে গৰু বিহু।

বয়োজ্যেষ্ঠ সকলে সমজুৱাকৈ আৰ্শীবাদ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত গোধনক মা হালধীৰে নোৱাই ধোৱাই “লাওঁ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু”  কামনা কৰি চাক মৰা পৰিলক্ষিত হয়।

ফটো: নৰ্থইষ্ট নাও।

আনহাতে, নগৰৰ মাজমজিয়াত হোৱাৰ সত্তেও থানামুখবাসী ৰাইজে দিখৌৰ থানাঘাটত ৰাজহুৱাভাৱে পালন কৰিছে গৰু বিহু। গৰু গা ধোৱাৰ পাছতে স্থানীয় সকলে পৰিবেশন কৰে হুচৰি। ডেকা সকলৰ হুচৰি গীতৰ তালে তালে জীয়ৰী-বোৱাৰী সকলোৱে নাচি বাগি আত্মাহাৰা হোৱা পৰিলক্ষিত হয়।

Related News