NORTHEAST NOW (Assamese)

চিলিণ্ডাৰ বিস্ফোৰণত আহত কমেও ২২ জন লোক

April 21, 2023 8:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2023 9:23 pm

বৃহস্পতিবাৰে সন্ধিয়া কলিকতাৰ এটা আৱাসগৃহত সংঘটিত এল পি জি চিলিণ্ডাৰ বিস্ফোৰণত কমেও ২২ জন লোক আহত হৈছে।

কলিকতাৰ বিচালী ঘাট অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ কাণ্ড।

চিলিণ্ডাৰ বিস্ফোৰণৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে বুলি জানিবলৈ দিছে কলিকতাৰ আৰক্ষীয়ে।

ঘটনাৰ পিছতে আহত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হোৱাৰ বাবেই জুইৰ সূত্ৰপাত হয়, যাৰ ফলত বিস্ফোৰণটো সংঘটিত হয়।

অঞ্চলটোৰ এজন বাসিন্দাই কয় যে আমি নামজ পঢ়ি থকাৰ সময়তে আমাৰ তলৰ ফ্লেটটোত জুই লগা বুলি জানিব পাৰোঁ। আমি প্ৰথমতে শ্বৰ্ট চাৰ্কিট বুলি ভাবিছিলোঁ। আমি কেইবাজনেও জুই নিৰ্বাপনৰ চেষ্টা কৰি আহতসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু হঠাতে জুইৰ বিশাল শিখাই অঞ্চলটো আগুৰি ধৰিলে।

Related News